দৰঙত এদিনতে কোভিড-১৯ত আক্ৰান্ত ৬৭ জন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙত দ্ৰুত হাৰত বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা । মঙলবাৰৰ দিনটোতেই ৬৭ জন লোক আক্ৰান্ত হৈছে কোৰোনাত। জিলা স্বাস্থ্য বিভাগে মঙলবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে ইয়াৰ অধিকাংশ লোক বহি:ৰাজ্যৰ পৰা আহি কোৱাৰান্টাইন হৈ আছিল । অৱশ্যে অসম লক্ষ্য প্ৰণোদিত নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত শ্লেষ্মাৰ নমুনা প্ৰদান কৰা পূৰ্ণকান্ত পেগু, ধৰ্ম কান্ত বড়ো আৰু ৰচীম আলীৰ শৰীৰত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি ।

তেওঁলোকৰ পেগু আৰু বড়ো দুয়োজনেই জিলা বন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী। আনহাতে, ৰচিম আলী আৰক্ষী বিভাগৰ লোক। উল্লেখযোগ্য যে, এতিয়ালৈকে জিলাখনৰ ৩৬০ জন লোক কোভিডত আক্ৰান্ত হৈছে আৰু ১০৩ জন লোক বৰ্তমান চিকিৎসাধীন হৈ আছে। মঙলবাৰে আক্ৰান্ত হোৱা লোক কেইজনক চিকিৎসাৰ বাবে বিভিন্ন চিকিৎসালয় আৰু মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰাৰ বাবে জিলা প্ৰশাসনৰ সহযোগত ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in