১১ দিনীয়া মঙলদৈ ৰাসোৎসৱৰ লাইখুটা স্থাপন…

১১ দিনীয়া মঙলদৈ ৰাসোৎসৱৰ লাইখুটা স্থাপন…

ডিজিটেল সংবাদ, মঙলদৈঃ 'মঙলদৈৰ ৰাসোৎসৱ বিভিন্ন জাতি ধৰ্মৰ ভক্তপ্ৰাণ ৰাইজৰ মিলনস্থলী; এই ৰাসোৎসবে গঢ়িছে সমন্বয়ৰ সেঁতু। এনে সমন্বয়ৰ বাৰ্তাবাহক অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰিবলৈ সুবিধা লাভ কৰি নিজকে ধন্য মানিছো।'- এই ভাষ্য মঙলদৈ সনাতন ধৰ্মসভাৰ সভাপতি চন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীৰ।

মঙলবাৰে ৪০ সংখ্যক মঙলদৈ শ্ৰীশ্ৰী কৃষ্ণ ৰাসোৎসৱৰ লাইখুটা স্থাপন কৰি তেওঁ এইদৰে কয়। মঙলদৈ সনাতন ধৰ্মসভাৰ উদোগত ১১ৰ পৰা ২১ নবেম্বৰলৈ ১১ দিনীয়াকৈ মঙলদৈ নদীৰ পাৰত আয়োজন কৰা এই ৰাসোৎসবত এইবাৰ তিনি শতাধিক মৃন্ময় মূৰ্ত্তি প্ৰাণ পাই উঠিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় ৰাসোৎসৱৰ কেইদিন হোৱা ধৰ্মীয় আলোচনা চক্ৰই মঙলদৈ ৰাসোৎসবক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

ৰাসোৎসব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অতুল গোস্বামীয়ে আঁত ধৰা এই অনুষ্ঠানত ৰাসোৎসৱ উদযাপন সমিতিৰ সভাপতি গোলোক চন্দ্ৰ শইকীয়া, সাধাৰণ সম্পাদকত্ৰয় ক্ৰমে- প্ৰমোদ চন্দ্ৰ শৰ্মা, ভবানন্দ কলিতা , দিলীপ কুমাৰ ডেকা, উপদেষ্টা গোবিন্দ উপাধ্যায়, ৰাজীব কুমাৰ ডেকা, মুকুল গোস্বামী, দিলীপ কুমাৰ তালুকদাৰ সহ সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে বুলি প্ৰচাৰ সমিতিৰ আহ্বায়ক মুকুটৰাজ শৰ্মা আৰু গণেশ দত্তই জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in