শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

চৰকাৰী কাৰ্যালয় স্থানান্তৰিত কৰাক লৈ মঙলদৈত প্ৰতিবাদ…

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈত থকা জলসম্পদ বিভাগৰ মধ্য অসম অনুসন্ধান সংমণ্ডল কাৰ্যালয়টো বিশ্বনাথ চাৰিআলিলৈ স্থানান্তৰ কৰাৰ বাবে সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ।

কিন্তু প্ৰায় ৫০ বছৰৰ অধিক পুৰণি কাৰ্যালয়টো হঠাৎ মঙলদৈৰ পৰা নিব বিচৰাত আপত্তি প্ৰদৰ্শন কৰে দৰং জিলা কৰ্মচাৰী পৰিষদ, দৰং জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা কমিটিয়ে ।
কাৰ্যালয়টো মঙলদৈৰ এটা সম্পদ বুলি কৈ এই কাৰ্যালয়টো উঠাই নিদিবলৈ চৰকাৰক আহ্বান জনায় কৰ্মচাৰী পৰিষদে ।

সম্পূৰ্ণ আন্তঃগাঁঠনি আৰু প্ৰয়োজনীয় কামকাজ সমূহ সুন্দৰকৈ পালন হৈ থকাৰ পিছতো চৰকাৰে কিয় এনে পদক্ষেপ ল’ব বুলি প্ৰশ্ন কৰে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । লগতে তিনিওটা সংগঠনে কাৰ্যালয়টো স্থানান্তৰ নকৰিবলৈ দৰঙৰ উপায়ুক্তৰ জৰিয়তে বিভাগীয় মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

আৰু পঢ়ক: ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে আয়োজন কৰা চুটি ছবি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা