মঙলদৈত অযোধ্যাৰ ভূমি পূজন উপলক্ষে শ্ৰী শ্ৰী বিষ্ণু হোম যঞ্জ…

মঙলদৈত অযোধ্যাৰ ভূমি পূজন উপলক্ষে শ্ৰী শ্ৰী বিষ্ণু হোম যঞ্জ…

ডিজিটেল সংবাদ, মঙলদৈঃ বুধবাৰে অযোধ্যাত সম্পন্ন হল ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠান ৷ কেইবা দশক ধৰি চলি থকা বিবাদৰ অন্তত অযোধ্যাত বুধবাৰে ৰাম মন্দিৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পূজনক লৈ দেশবাসীৰ মাজত বৈছে আনন্দৰ বন্যা৷ ভূমি পূজনক লৈ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে মঙলদৈতো দেখা গ'ল ব্যাপক উচাহ ৷

মঙলদৈ বিষ্ণু মন্দিৰ প্ৰাঙ্গণত মঙলদৈ বিধায়ক গুৰুজ্যোতি দাসে আয়োজন কৰা শ্ৰী শ্ৰী বিষ্ণু হোম যজ্ঞ কাৰ্যসূচীত উপস্থিত থাকে বি জে পি সভাপতি ৰঞ্জিত দাস, সাংসদ দিলীপ শইকীয়া, চিপাঝাৰৰ বিধায়ক ,বিনন্দ শইকীয়া লগতে দলীয় কৰ্মকৰ্তা আৰু ভক্তপ্ৰান ৰাইজ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in