শেহতীয়া খবৰ
উত্তৰ পূূূব দিল্লীৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ১২ দোষীক যাৱজ্জীৱন কাৰাদণ্ড...  •  সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক  •  ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…

মঙলানগৰ সাহিত্য সভাৰ ৰূপালী জয়ন্তীঃ ২০ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপনৰ লগতে ৩২ খনকৈ গ্ৰন্থ উন্মোচন…

145

ডিজিটেল সংবাদ, মঙলদৈঃ ‘মানুহে জীৱন পৰিক্ৰমাত খুউব বেছি ৭৫০০ খন গ্ৰন্থ সম্পূৰ্ণকৈ মনযোগেৰে অধ্যয়ন কৰিব পাৰে। কিন্তু আমাৰ বহুতে গ্ৰন্থ অধ্যয়নৰ প্ৰতি অনিহা প্ৰকাশ কৰি আহিছে। আনকি বহুতৰ আলমাৰী গ্ৰন্থৰে পৰিপূৰ্ণ হৈ থাকে যদিও সেই গ্ৰন্থৰ অধিকাংশই অধ্যয়ন নকৰে; বৰঞ্চ সজাই পৰাই থৈ ভাল পায়। কিন্তু এটা কথা সকলোৱে অনুধাৱন কৰিব লাগে যে, গ্ৰন্থ অধ্যয়নে কেৱল জ্ঞানেই বৃদ্ধি নকৰে; গ্ৰন্থই দিয়ে বিমল আনন্দ। সেই গতিকে গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশেষকৈ নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰাৰ প্ৰয়োজন’- এই ভাষ্য ছিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ প্ৰসন্ন কুমাৰ নাথৰ।

দৰং জিলা সাহিত্য সভাৰ শতদল শাখা হিচাপে স্বীকৃত ‘মঙলানগৰ সাহিত্য সভা’ৰ শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰূপালী জয়ন্তী উৎসৱৰ গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা অনুষ্ঠানত তেওঁ এইদৰে কয়।

মঙলানগৰ শাখা সাহিত্য সভাৰ প্রাক্তন সভাপতি ৰমাকান্ত নাথৰ সঞ্চালনাত হোৱা এই অনুষ্ঠানত অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী, কাৰ্যনিৰ্বাহক সদস্য দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰ, দৰং জিলা সাহিত্য সভাৰ সম্পাদক মুকুট হাজৰিকা, মঙলদৈ ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজৰ অধ্যক্ষ গিৰীন্দ্ৰ কুমাৰ শৰ্মা, মঙলানগৰ শাখা সাহিত্য সভাৰ সভাপতি পুষ্পেন্দু কুমাৰ শৰ্মাৰ সৈতে ৩১ খন গ্ৰন্থ ক্ৰমে- ৰমাকান্ত নাথৰ ‘পথৰুৱা প্ৰেমৰ মালিতা’, গোবিন্দ হাজৰিকাৰ ‘অস্তাচলত ৰঙা বেলি আৰু মুক্তাৱলী’, মতিদেৱ শাস্ত্ৰীৰ ‘ প্ৰবন্ধ ৰত্নাৱলী’, ভূপেন্দ্ৰ নাথ চহৰীয়াৰ ‘জীৱন নৈৰ জাঁজী’, মহেশ গোস্বামীৰ ‘প্ৰবন্ধ জ্যোতি’, ডঃ মঞ্জু কলিতাৰ ‘তোমাৰ অনুপ্ৰেৰণাৰে’, মাকনি চহৰীয়া নাথৰ ‘ডাৱৰৰ সিপাৰে মোৰ ঘৰ’, পৰিণীতা ডেকাৰ ‘ননী গছৰ ছাঁত জীৱন’, সূৰ্যপ্ৰভা চহৰীয়াৰ ‘সুবাস’, যাদব চন্দ্ৰ শৰ্মাৰ ‘গঙ্গা চিলনীৰ পাখি’, ঠগীৰাম নাথৰ ‘ৰ’দ কাঁচলীৰ চৰাই’, পপী চহৰীয়াৰ ‘শাৰদী জোনাকত ৰূপালী হাঁহি’, চক্ৰধৰ নাথৰ ‘সিদ্ধান্ত’, বিনু দেৱীৰ ‘পোহৰৰ ৰেঙণি’, ডঃ মোহিনী গোস্বামীৰ ‘প্ৰবাহমান চিন্তাৰ জখলাৰে’, ডাঃ মহেশ ডেকাৰ ‘ব্যক্তি সমাজ আৰু কৃষ্টি’, শৈলেন্দ্ৰ কুমাৰ ৰাজবংশীৰ ‘ঐতিহ্য ধন্য দৰঙৰ এভুমুকি’, অনুপমা দেৱীৰ ‘জীৱনৰ বিয়লি বেলাত’, যামিনী নাথ শইকীয়াৰ ‘জীৱন অন্বেষণ’, লোহিত চন্দ্ৰ ডেকাৰ ‘পবিতৰা অভয়াৰণ্যৰ এক অৱলোকন আৰু চিন্তাৰ এৰা বুটলা’, কণিকা দেৱীৰ ‘উৰুলি’, বসন্ত শইকীয়াৰ ‘সেউজীয়া পৃথিৱীৰ ঠিকনা’, সুনীল কুমাৰ গোস্বামীৰ ‘ধৰ্মপল্লং’, হিৰণ্য কুমাৰ নাথৰ ‘বিপ্ৰতীপ’, দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰৰ ‘কোচ ৰাজ্যত শ্ৰীমন্ত শঙ্কৰদেৱ’, তীৰ্থনাথ নাথৰ ‘সংকল্প’, অমিয়া শৰ্মাৰ ‘শীতলা গোসানীৰ নাম’, ৰমেশ দেৱ শৰ্মাৰ ‘লুইত তুমি জানানে খবৰ’, অনন্ত চৰণ শৰ্মাৰ ‘সমন্বয়’, হেমচন্দ্ৰ কলিতাৰ ‘নীতিমালা’ উন্মোচন কৰে।

দৰং জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি শৈলেন্দ্ৰ কুমাৰ ৰাজবংশীয়ে উদ্বোধন কৰা এই সভাত মঙলানগৰ শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি জল্টিৰাম কলিতা আৰু প্ৰতিষ্ঠাপক সম্পাদক সথিল চন্দ্ৰ ডেকাক মৰণোত্তৰভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰাক্তন সভাপতি শিৱপ্ৰসাদ বৰুৱা, ডঃ সোণেশ্বৰ দেৱ শৰ্মা, গোবিন্দ হাজৰিকা, ৰমাকান্ত নাথ, সমুদ্ৰ কুমাৰ শৰ্মা, প্ৰাক্তন উপ-সভাপতি তপন শৰ্মা, চক্ৰধৰ নাথ, পুষ্পেন্দু কুমাৰ শৰ্মা, প্ৰাক্তন সম্পাদক বসন্ত শইকীয়া, ৰমেশ দেৱ শৰ্মা, নিলীমা দেৱী, ৰীতা ডেকা দেৱী, জ্যেষ্ঠ নাগৰিক দেহীৰাম বৰুৱা, সাহিত্যিক পেঞ্চনাৰ ডঃ লোকেশ্বৰ নাথ, সমাজকৰ্মী জিতু পাঠক, সাহিত্যসেৱী শৈলেন্দ্ৰ কুমাৰ ৰাজবংশীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ৰমেশ দেৱ শৰ্মা আৰু বসন্ত শইকীয়াই আঁত ধৰা এই সভাত দিপীকা ৰাণী দেৱীৰ কবিতা আবৃত্তি, সোণালী ৰাজকুমাৰী পাঠকৰ সত্ৰীয়া নৃত্য আৰু সৰু সৰু ল’ৰা ছোৱালীয়ে গীত নৃত্য পৰিৱেশন কৰে। ইয়াৰ পূৰ্বে গাওঁবুঢ়া প্ৰফুল্ল বৰুৱা আৰু তীৰ্থ কুমাৰ বৰুৱাই পৰিবেশ নিকাকৰণ, সভাপতি পুষ্পেন্দু কুমাৰ শৰ্মাই পতাকা উত্তোলন, প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত জল্টিৰাম কলিতা আৰু প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত সথিল চন্দ্ৰ ডেকাৰ পৰিয়ালৰ সদস্যা তুলদা কলিতা আৰু মিনতি ডেকাই বন্তি প্ৰজ্বলন, প্ৰাক্তন সভাপতি সোণেশ্বৰ দেৱ শৰ্মাই স্মৃতি তৰ্পন, বিধায়ক গুৰুজ্যোতি দাসে প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে।

প্ৰদৰ্শনীত শিল্পী ক্ৰমে- হিতেশ হাজৰিকা, দীপাংকৰ ডেকা, ৰঞ্জু বৰুৱা, প্ৰয়াসী প্ৰিয়ম ডেকা, জীৱনী ডেকা, নুৰ আলম, ভাৰ্গব বৈশ্য, পৰিস্মিতা চহৰীয়া, হিৰামণি শৰ্মা, দৰথী কাশ্যপ, কীৰ্ত্তনা কাৰ্তিক, কল্পজ্যোতি ডেকা, পাৰ্থ ডেকা, ধৃতিমান শিবম, পাৰ্থপ্ৰতিম ভৰদ্বাজ, পুৰবী শইকীয়া, ৰমা নাথ, কংকণা ডেকা, পিযুস ডেকা, ডেইজী বৰুৱা, জীয়ান বৰুৱা, দৰ্শনা গোস্বামী, দেৱঙ্গণা বৈশ্য, ধৃতিমান বৰুৱা, কৃষ্ণানু নাথ, জুমশ্ৰী বৰুৱা, তন্ময় নাথ, অণৰ্ব জ্যোতি বৰুৱা, ৰশ্মিতা কোচ, প্ৰজ্ঞাশ্ৰী বৰুৱা, বিশ্বজিৎ শ্বাহ, পিযুস দেৱ শৰ্মা, বিতোপন বাৰাক, অনুপম শিবম নাথৰ শিল্প কৰ্মই সকলোকে মোহিত কৰে। আনহাতে বিয়লি অন্তৰঙ্গ আলাপেৰে প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি পৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি