মান্দাকাটাত স্থানীয় ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ, বনকৰ্মী অবিহনে শিল খননত বাধা…

মান্দাকাটাত স্থানীয় ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ, বনকৰ্মী অবিহনে  শিল খননত বাধা…

ডিজিটেল সংবাদ দুমুনিচকী: উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা বনাঞ্চলৰ অধীনৰ মান্দাকাটাস্থিত পাহাৰৰ খননস্থলিৰ পৰা স্থানীয় ৰাইজে কালি (বুধবাৰে) দিনৰ ভাগত ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা কেইবাখনো এক্সকেভেটৰ, শিল বিস্ফোৰণত ব্যৱহাৰ কৰা কম্প্ৰেচাৰ মেছিনৰ লগতে পাহাৰ খননত ব্যৱহাৰ কৰা সকলো ধৰণৰ সামগ্ৰী পথৰ দাঁতিলৈ উলিয়াই আনে। দিনে নিশাই পাহাৰখনৰ শিল বিস্ফোৰণ ঘটাবলৈ বিকত শব্দৰে গাঁত খান্দি থকাৰ উপৰি ১০/১২ চকীয়া শিলভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ স্থানীয় পুৰুষ মহিলাকে ধৰি শতাধিক লোকে প্ৰথমে খননকাৰ্য বন্ধ কৰাৰ বাবে দাবী উত্থাপন কৰে।

দিনৰ প্ৰায় ১১ বজাত ব্যৱসায়িৰ সকলো ধৰণৰ বাহন খননস্থলিৰ পৰা উলিয়াই দি পাহাৰ খননৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে। স্থানীয় লোকে তেনে সময়তে খননস্থলিৰ সমীপত প্ৰায় ১৪ ফুট দীঘল এটা প্ৰকাণ্ড মৃত অজগৰ প্ৰত্যক্ষ কৰে। মুৰত আঘাতৰ চিন স্পষ্ট হৈ থকা অজগৰটো খননকাৰ্যত ব্যৱহাৰ হোৱা এক্সকেভেটৰৰ আঘাতত অথবা শিল বাগৰি পৰি দুই এদিন পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

 মৃত অজগৰ প্ৰত্যক্ষ কৰি ক্ষোভিত হৈ পৰা লোকসকলে খননস্থলিলৈ যানবাহান যাব নোৱাৰাকৈ পাহাৰীয়া পথটোৰ মাজ অংশ খান্দি দিয়ে। উল্লেখ্য যে পুঁজিপতি ব্যৱসায়িৰ ভৃত্যলৈ পৰিণত হোৱা উক্ত মান্দাকাটা এলেকাৰ খণ্ড বনবিষয়াই ফুট-গধুলিৰ পৰাই পাহাৰখন ব্যৱসায়িক গতাই নিজে সুশনিদ্ৰাত থাকে বুলি স্থানীয় লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

যাৰ ফলত বনকৰ্মীৰ উপস্থিত অবিহনে দিনে নিশাই ব্যৱসায়িয়ে পাহাৰ খনন কৰিবলৈ সুযোগ লাভ কৰাৰ লগতে ওৰে নিশা বিকট শব্দৰে মান্দাকাটা পাহাৰৰ শিলত কম্প্ৰেচাৰ মেছিনেৰে গাঁত খান্দি থাকে বুলি জানিবলৈ দিয়ে। আনহাতে মান্দাকাটা কুমনগৰ সংযোগী অতি ঠেক পথটো পিষ্ট কৰি দিনে নিশা ব্যৱসায়িৰ ১২ চকীয়া শিলভৰ্তি, মাটিভৰ্তি ডাম্পাৰ চলাচল কৰি থকাৰ সন্দৰ্ভত কামৰূপ জিলাৰ (গ্ৰাম্য) উপায়ুক্ত কৈলাস কাৰ্তিকক বিভিন্ন সময়ত অবগত কৰাৰ উপৰি লিখিত ভাবে অভিযোগ পত্ৰ প্ৰদান কৰে।

 কিন্তু উদ্বেগজনক ভাৱে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি স্থানীয় লোকে অবগত কৰে। যাৰ ফলশ্ৰুতিত নিৰ্মাণকাৰী সংস্থা এটাৰ হৈ সামগ্ৰী যোগান ধৰাৰ দায়িত্ব লোৱা জনৈক ডেকা উপাধিৰ সুবিধাবাদী ব্যৱসায়ীৰ ১০/ ১২ চকীয়া ডাম্পাৰে পথ পিষ্ট কৰি দিনে নিশাই পাহাৰৰ শিল সৰবৰাহ কৰাৰ উপৰি ৰঙা মাটি কাটি বিক্ৰী কৰিবলৈ সুযোগ পোৱা বুলি ক্ষোভ প্ৰকাশ কৰে।

 যাৰ ফলত অতিষ্ঠ হৈ পৰা স্থানীয় লোকে খননস্থলিৰ পৰা ব্যৱসায়িৰ সকলো ধৰণৰ বাহন পথৰ দাঁতিলৈ উলিয়াই আনে। ঘটনা সম্পৰ্কে অবগত হৈ কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, চিলা আঞ্চলিক বন বিষয়া, বাইহাটা চাৰিআলি থানাৰ আৰক্ষী উক্ত স্থানত উপস্থিত হৈ ঘটনাৰ বুজ লয়। চিলা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা অহা বনকৰ্মীৰ দলে মৃত অজগৰটো লৈ যায় আগন্তুক সময়ত বিষয় সম্পৰ্কে ঊৰ্ধ্বতন কৰ্ত্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰাত স্থানীয় লোক সকল আশ্বস্ত হয়। উক্ত স্থানত উপস্থিত হোৱা বাইহাটা চাৰিআলি থানাৰ আৰক্ষী আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়াই পিছত খননস্থলিলৈ যাতায়ত কৰা পথটো পুনৰ মেৰামতি কৰাৰ ব্যৱস্থা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in