মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বদলিক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া…

মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বদলিক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া…

ডিজিটেল সংবাদঃ মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক দৰং জিলালৈ বদলিকৰনক লৈ   মানকাচৰত সাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া। পাঁচ শতাধিক পুৰুষ মহিলা ঘৰৰ পৰা ওলাই আহি চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।ৰাইজৰ দাবী, যোৱা প্ৰায় ৮ মাহ পূৰ্বে মানকাচৰত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কামত যোগদান কৰিছিল নিতাই চন্দ্ৰ ৰয় নামৰ বিষয়া গৰাকীয়ে।ইয়াৰ পিছৰে পৰা মানকাচৰত ড্ৰাগছ মাফিয়াৰ দপদপনি, আন বিভিন্ন অপৰাধ কমিবলৈ ধৰিছে। লগতে আৰক্ষী বিষয়া জনৰ নেতৃত্বত বহু ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ হৈছে। পূৰ্বে কোনো ভুক্তভোগী থানাত ন্যায় বিচাৰি গোচৰ দিবলৈ আহিলেও আৰক্ষীক টকা দিব লগা হৈছিল যদিও এই গৰাকী ভাৰপ্ৰাপ্ত বিষয়া অহাৰ পাছত মানকাচৰত সাধাৰন ৰাইজে থানাত গোচৰ দিবলৈ আহিলে বিনামূলীয়াকৈ গোচৰ লোৱা প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল।

ইফালে যোৱা ৫ জুলাই তাৰিখে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলৰ লগত এখন সভা পাতি এখন থানাত দুবছৰ নোহোৱা কোনো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বদলি কৰা নহ'ব বুলি প্ৰকাশ কৰিছিল ।তাৰ পাছতো এইদৰে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক মাত্ৰ ৮ মাহৰ ভিতৰত বদলি কৰাৰ বাবে ৰাইজে উত্তাল প্ৰতিবাদ কৰি বিষয়া জনৰ বদলি স্থগিত কৰাৰ দাবী তুলিছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in