আমিনুলৰ টিকট নিশ্চিত মানকাচৰত! কংগ্ৰেছ ত্যাগ কৰিব নেকি বিধায়ক ডাঃ মতিউৰ ৰহমানে…

আমিনুলৰ টিকট নিশ্চিত  মানকাচৰত! কংগ্ৰেছ ত্যাগ কৰিব নেকি বিধায়ক ডাঃ মতিউৰ ৰহমানে…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ অসম বিধানসভাৰ নিৰ্বাচনক লৈ কংগ্ৰেছ-এআইইউডিএফৰ মহাজোট বন্ধনৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। সূত্ৰে জনোৱা তথ্য অনুসৰি মহাজোট বন্ধনত থকা এআইইউডিএফে মুঠ ২৪ খন আসনত অকলে প্ৰতিদ্বন্দিতা কৰাৰ দাবী উত্থাপন কৰাৰ উপৰিও আন তিনি খন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা কৰাৰ দাবী কৰিছে। কিন্তু কংগ্ৰেছৰ ফালৰ পৰা এআইইউডিএফক মাত্ৰ ১৯ খন আসনতেই ক্ষান্ত থাকিবলৈ জনোৱাত মহাজোট বন্ধনত এক প্ৰকাৰে বিদ্ৰোহ আৰম্ভ হৈছিল যদিও ১৯ খন আসনতেই এআইইউডিএফ ক্ষান্ত থকা বুলি বিশেষ সূত্ৰ জানিব পৰা গৈছে।

কিন্তু লক্ষণীয় বিষয় এয়া যে, এই ১৯ খন আসনৰ ভিতৰত কংগ্ৰেছৰ দখলত থকা মানকাচৰ সমষ্টি এআইইউডিএফক এৰি দিয়া বুলি জানিব পৰা গৈছে। মানকাচৰ সমষ্টিৰ পৰা এআইইউডিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা অধিবক্তা আমিনুল ইছলামে প্ৰতিদন্দিতা কৰিব। যোৱা ২০১৬ চনৰ বিধান সভাৰ নিৰ্বাচনত এইজন আমিনুল ইছলাম কংগ্ৰেছী বিধায়ক গৰাকীৰ হাতত প্ৰায় ৫ হেজাৰ ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল।

সূত্ৰৰ তথ্য যদি সঁচা হয় এইবাৰ কংগ্ৰেছৰ আসন খন এআইইউডিএফক প্ৰদান কৰিলে মানকাচৰৰ ৰাজনৈতিক প্ৰেক্ষাপট এক প্ৰকাৰে সলনি হৈ পৰিব। এই ক্ষেত্ৰত কংগ্ৰেছী বিধায়ক গৰাকী কংগ্ৰেছ দল ত্যাগ কৰিব নে এআইইউডিএফক সহযোগিতা কৰিব সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হ'ব যদিও বিশেষ সুত্ৰে জানিব পৰা মতে মানকাচৰ এআইইউডিএফক এৰি দিয়াৰ লগে লগে বিধায়ক গৰাকী গুৱাহাটীৰ পৰা সমষ্টিলৈ উভতি আহি এক ৰাজহুৱা সভাৰ আয়োজন কৰি ৰাইজৰ মতামত লৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদন্দিতা কৰাৰ সম্ভাবনা আছে। অৱ্শ্য ৰাইজে মতামত নিদিলে বিধায়ক গৰাকী এআইইউডিএফকে সমৰ্থন দিব পাৰে বুলিও জানিব পৰা গৈছে।

কিন্তু প্ৰশ্নৰ বিষয় এয়া যে মানকাচৰত কংগ্ৰেছক শক্তিশালী ৰূপত থিয় কৰোৱা বিধায়ক গৰাকী টিকটৰ পৰা বঞ্চিত হ'লে কংগ্ৰেছ দলত তেওঁ থাকিব নে দল ত্যাগ কৰিব সেয়া অতিকৈ লক্ষণীয় বিষয় হ'ব। কিন্তু এটা কথা সত্য যে কংগ্ৰেছক টিকট নিদিলে মানকাচৰ সমষ্টিত ভৱিষতে কংগ্ৰেছৰ অস্তিত্ব নাইকীয়া হৈ পৰিব। এই ক্ষেত্ৰত বিধায়ক ডাঃ মতিউৰ ৰহমানৰ ৰাজনৈতিক কেৰিয়াৰ এইবাৰৰ নিৰ্বাচনতেই সামৰণি পৰিব নেকি তাক লৈও সৰব চৰ্চা আৰম্ভ হৈছে।

ইফালে বিধায়ক গৰাকী এআইইউডিএফক সমৰ্থন কৰিলে সমষ্টিটোৰ পৰা এআইইউডিএফ জয়ী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিব। আনহাতে বিধায়ক গৰাকী যদি এআইইউডিএফৰ লগত বিদ্ৰোহ আৰম্ভ কৰি অগপক সমৰ্থন বা নিজে নিৰ্দলীয় হিচাপে প্ৰতিদন্দিতা কৰে তেন্তে সমষ্টিটোৰ পৰা অগপৰ প্ৰাৰ্থী জন সহজে জয়ী হবলৈ পথ প্ৰসস্ত হব পাৰে বুলিও ৰাজনৈতিক মহলে আলোচনা আৰম্ভ কৰিছে।

মুঠৰ ওপৰত কংগ্ৰেছৰ টিকট বঞ্চিত হোৱাৰ লগে লগে বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ ৰাজনৈতিক ভৱিষত প্ৰায় অন্ধকাৰৰ দিশে আগুৱাই যোৱাটো এক প্ৰকাৰে নিশ্চিত বুলি একাংশ জনে মত ব্যক্ত কৰা দেখা যায়। এই ক্ষেত্ৰত মহাজোট বন্ধনৰ টিকট সচাকৈ এআইইউডিএফক প্ৰদান কৰিলে বিধায়ক জনে কি স্থিতি গ্ৰহন কৰে সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হব। ৰাইজৰ এতিয়া অপেক্ষা, মানকাচৰৰ মহাজোট বন্ধনৰ টিকট ঘোষণাক লৈ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in