মানকাচৰত ২ জনৰ মনোনয়ন নাকচ…

মানকাচৰত ২ জনৰ মনোনয়ন নাকচ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰা মুঠ ২০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত দুজনৰ মনোনয়ন নাকচ হোৱাৰ লগতে এগৰাকী প্ৰাৰ্থীয়ে সোমবাৰে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰাত জিলাখনত দুই সমষ্টিত মুঠ ১৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হয়। উল্লেখযোগ্য যে, জিলাখনৰ অধীনত থকা মানকাচৰ সমষ্টি মুঠ ১১ গৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছিল। জিলা প্ৰশাসনে উক্ত ১১ গৰাকী প্ৰাৰ্থীৰ পৰা মোস্তাক মহাম্মদ মোকছেদুল হাচান আৰু আখালুনা বেগম নামৰ দুই নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ জিলা প্ৰশাসনে নাকচ কৰিছে।

আনহাতে, মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সোমবাৰে অন্তিম দিনা এআইইউডিএফ দলৰ প্ৰাৰ্থী আমিনুল ইছলাম পত্নী মেৰিনা খান নিজৰ মনোনয়ন পত্ৰ উঠাই নিয়ে। মেৰিনাখন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল। দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ আৰু এগৰাকী প্ৰাৰ্থীৰ নাম প্ৰত্যাহাৰ কৰাত মানকাচৰ সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বুলি জিলা প্ৰশাসনে নিশ্চিত কৰিছে।

মানকাচৰ সমষ্টিত বৈধ প্ৰাৰ্থী কেইজন হৈছে অগপ দলৰ জাবেদ ইছলাম ( প্ৰাক্তন বিধায়ক), এআইইউডিএফ দলৰ আমিনুল ইছলাম (দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক), মেঘালয়ৰ এন পি পি দলৰ আমিনুল ইছলাম দুলাল (প্ৰাক্তন মন্ত্ৰী), এছ ইউ চি আই (চি) দলৰ ছাহিদুৰ আলম, জনতা দল ইউনাইটেটৰ ছায়েদ হুচেইন ইমান, নিৰ্দলীয় প্ৰাৰ্থী মনোৱাৰ হুচেইন (সাংবাদিক), নিৰ্দলীয় প্ৰাৰ্থী জামিৰ আলী আৰু নিৰ্দলীয় প্ৰাৰ্থী ৰুকুনুৰ জামান।

দক্ষিণ শালমাৰা সমষ্টিৰ পৰা ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। সমষ্টিখনৰ পৰা আটাইকেইজন প্ৰাৰ্থীৰ মনোনয়ন বৈধ হৈছে। দক্ষিণ শালমাৰা সমষ্টিৰ প্ৰাৰ্থী কেইজন হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ওৱাজেদ আলী চৌধুৰী (বিধায়ক), বিজেপি দলৰ আছাদুল ইছলাম, এছ ইউ চি আই (চি) দলৰ আব্দুছ ছবুৰ মিয়া, এন চি পি দলৰ জিন্নাত মোল্লা, ৰাষ্ট্ৰীয় উলামা কাউঞ্চিল দলৰ নুৰাল ইছলাম, জনতা দল ইউনাইটেট দলৰ তালেব আলী, নিৰ্দলীয় প্ৰাৰ্থী নজৰুল ইছলাম, নিৰ্দলীয় প্ৰাৰ্থী নুৰুল ইছলাম মোল্লা, নিৰ্দলীয় প্ৰাৰ্থী ফজলুল হক চৌধুৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in