মানকাচৰৰ দীৰ্ঘদিনীয়া দাবী পূৰণঃ জিলা পৰিষদে নিৰ্মাণ কৰিলে কাঠৰ দলং…

মানকাচৰৰ দীৰ্ঘদিনীয়া দাবী পূৰণঃ জিলা পৰিষদে নিৰ্মাণ কৰিলে কাঠৰ দলং…

ডিজিটেল সংবাদ, মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনস্থ জাঙ্গাল-কালাপানী সংযোগী পথৰ ওপৰত থকা গইতলাৰ নদীত জিলা পৰিষদৰ পুঁজিৰ পৰা এখন কাঠৰ দলং নিৰ্মাণ কৰি মুকলি কৰি দিয়াত ৰাইজৰ দীৰ্ঘ দিনীয়া দাবী পুৰণ হোৱাক লৈ অঞ্চলৰটোৰ ৰাইজৰ মাজত উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, স্বাধীনত্তোৰ পূৰ্বৰ পৰাই জাঙ্গাল গাওঁৰ ৰাইজে তেওঁলোকৰ একমাত্ৰ বজাৰ কালাপানীকে ধৰি বিভিন্ন ঠাইলৈ যাতায়ত কৰাৰ ক্ষেত্ৰত পথৰ ওপৰত থকা গইতলা নদীয়ে জললাকলা ভোগাই আহিছিল। স্থানীয় ৰাইজে দীৰ্ঘ দিন ধৰি গইতলা নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰিব লাগে বুলি দাবী আহিছিল।

ৰাইজৰ এনে দাবীৰ প্ৰতি সহাৰি জনাই আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে অৱশেষত দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদৰ সভানেত্ৰী তথা কালাপানী জিলা পৰিষদৰ সদস্যা মেৰিনা খানে গইতলা নদীৰ ওপৰত কাঠৰ দলং নিৰ্মাণৰ বাবে প্ৰায় ৫ লাখ টকা মুকলি কৰি দিয়ে। উক্ত ধনেৰে গইতলা নদীৰ ওপৰত কাঠৰ দলং নিৰ্মাণ কৰি আজি দলং খন আনুষ্ঠানিক ভাবে মুকলি কৰা হয়।

জিলা উপায়ুক্ত গুৰদ্বীপ সিং পানেশ্বৰ দলং মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰঙা ফিতা কাটি দলং খন যাতায়তৰ বাবে মুকলি কৰি দিয়া হয়। দলং মুকলিৰ পাছতেই জিলা উপায়ুক্ত গৰাকীয়ে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া এইদৰে প্ৰকাশ কৰে।

মন কৰিবলগীয়া বিষয় এয়া যে এই দলং খন নিৰ্মাণৰ বাবে আগভাগ লোৱা জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খানে দলং খন ৰাইজৰ বাবে নিৰ্মাণ কৰি দি নিজকে সুখী বুলি অনুভৱ কৰি এইদৰে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in