মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত বানৰ তাণ্ডৱ! নদীৰ বুকুত জাহ গ’ল বিএছএফ কেম্প-হাস্পতাল-বিদ্যালয়…

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত বানৰ তাণ্ডৱ! নদীৰ বুকুত জাহ গ’ল বিএছএফ কেম্প-হাস্পতাল-বিদ্যালয়…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন স্থানত ভয়াৱহভাবে ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহনীয়া চলাই থকাৰ ফলত ভাৰত-বাংলাদেশ সীমান্তৰ এখন বিএছএফ কেম্প, চৰকাৰী বিদ্যালয় আৰু এখন হাস্পাতালসহ এখন গাওঁ সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ গৈছে। উল্লেখযোগ্য যে, জিলাখনত এতিয়াও বানৰ পানী ব্ৰহ্মপুত্ৰ নদীৰ বিপদসীমাৰ পৰা ২৩ ছেঃমিঃ ওপৰেদি বৈ থকাৰ ফলত জিলাখনত প্ৰায় অৰ্ধ শতাধিক গাওঁ বানৰ কৱলত আছে।

এতিয়াও চৰকাৰী প্লেটফৰ্ম, মথাউৰীত আশ্ৰয় লৈ আছে হেজাৰ হেজাৰ বন্যাৰ্তই। কিন্তু বানপানী ক্ৰমাৎ কমিবলৈ ধৰাত জিলাখনৰ বৰাইৰ আলগা, খাগৰাৰচৰ, দেওঁৱানেৰ আলগা, নেপুৰেৰ আলগা, বামুণডাঙা, নিলোখীয়া, পাটাকাটা, মহুৰীৰচৰ আদি এলেকাত ভয়াৱহভাবে গৰাখহনীয়া চলি থকা পৰিলক্ষিত হৈছে।

বিশেষকৈ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দেঁওনেৰ আলগা অঞ্চলৰ হাতীৰচৰ গাওঁ খনত চলি থকা গৰাখহনীয়াৰ ফলত হাতীৰচৰ বিএছএফ কেম্প সম্পূৰ্ণৰূপে নদীৰ বুকুত বিলীন হৈ গৈছে। একেদৰে হাতীৰচৰত থকা এখন চৰকাৰী বিদ্যালয়, এখন হাস্পাতাল আৰু তিনি শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ সহ হাতীৰচৰ গাওঁ খন সম্পূৰ্ণৰূপে নদীৰ বুকুত হেৰাই যোৱা পৰিলক্ষিত হৈছে।

খহনীয়াৰ কবলত পৰা পৰিয়াল কেইটা কোনো মতে নাও ভাড়া কৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সীমান্তৱৰ্তী বাঘাপাৰা এলেকাত গৈ আশ্ৰয় লৈছে যদিও বিএছএফ কেম্প আৰু হাস্পতালৰ পকী আৰ চি চি ঘৰ নদীয়ে জাহ নিয়াত বিএছএফৰ মাজত হুৱাদুৱাৰ সৃষ্টি হৈছে। বিএছএফ কেম্পৰ কাষতে থকা ভাৰত-বাংলাদেশ সীমান্তত থকা কাইটীয়া তাঁৰৰ বেৰ সহ হাতীৰচৰ চৰখন চকুৰ আগতে নিমিষতে নদীৰ বুকুত জাহ যোৱাত বিএছএফ জোৱান সকলে কোনোমতে নিজৰ আচবাব পাত্ৰ লৈ ফেৰী, যন্ত্ৰ চালিত নাঁও আদিত আশ্ৰয় লৈছে।

দেশৰ নিৰাপত্তাৰ বাবে নিয়োজিত বিএছএফ জোৱান সকলে যন্ত্ৰ চালিত নাৱত উঠিয়ে সীমান্তত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা হাতত লৈছে। মুঠৰ ওপৰত হাতীৰচৰ বিএছএফ কেম্প এতিয়া ফেৰীৰ ওপৰত। য'ত তেঁওলোকে ৰন্ধা-বৰাকে ধৰি টোপনি যোৱাৰ বাবেও ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। অৰ্থাৎ ফেৰীৰ ওপৰতে বিএছএফে বিগত প্ৰায় চাৰি-পাঁচ দিন ধৰি আশ্ৰয় লৈ আছে।

সীমান্তৰ পৰা মাত্ৰ প্ৰায় ১০ মিটাৰ কাইটীয়া তাঁৰৰ বেৰ থকা অংশ গৰাখহনীয়াৰ কবলত পৰা নাছিল যদিও সোমবাৰে উক্ত এলেকাখিনিও নদীয়ে উটুৱাই নিয়াত হাতীৰচৰ চৰ খন এতিয়া ব্ৰহ্মপুত্ৰ হৈ পৰিছে। ফলত বিএছএফ সকলে অস্থায়ী ভাবে আন এখন কহুৱা থকা চৰত গৈ কোনোমতেহে নাও, ফেৰী আদিত আশ্ৰয় লৈ সীমান্তত নিৰাপত্তাৰ কাম চলাই থকা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in