মানকাচৰ বানৰ ফলত ৩১৫ খন বিদ্যালয়ৰ ৭১ খনত পাঠদান বন্ধ, দক্ষিণ শালমাৰাত শতাধিক বিদ্যালয় পানীৰ তলত…

মানকাচৰ বানৰ ফলত ৩১৫ খন বিদ্যালয়ৰ ৭১ খনত পাঠদান বন্ধ, দক্ষিণ শালমাৰাত শতাধিক বিদ্যালয় পানীৰ তলত…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অধীনত থকা মানকাচৰ আৰু দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অধীনস্থ প্ৰায় ডেৰ শতাধিত বিদ্যালয় বানপানীৰ ফলত গৰমৰ বন্ধৰ পাছত আজি প্ৰথম দিনৰ পৰাই পাঠদান বন্ধ ৰখা হয় ।

উল্লেখযোগ্য যে কৰবাত যদি এতিয়াও এককাল পানী, কৰবাত আকৌ পানী শুকালেও বোকাময় পৰিবেশৰ মাজত জিলাখনৰ ডেৰ শতাধিক বিদ্যালয়ত পাঠদানৰ বাবে উপযোগী হৈ উঠা নাই। এই সন্দৰ্ভত মানকাচৰ শিক্ষা খণ্ড শিক্ষা বিষয়া ডাঃ আনিছুৰ ৰহমানে জানিবলৈ দিয়ে যে মানকাচৰ শিক্ষা খণ্ডৰ অধীনত মুঠ ৩১৫ খন বিদ্যালয় আছে। ইযাৰে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ২৫০ খন, আপাৰ প্ৰাইমাৰী বিদ্যালয়ৰ সংখ্যা ১৬ খন, এম ভি স্কুল ২৬ খন, কম্পজিট বিদ্যালয় ১৩ খন আৰু হাই স্কুল সংখ্যা ১০ খন। উক্ত বিদ্যালয় কেইনৰ প্ৰাথমিক পৰ্যায়ৰ মুঠ ৬৩ খন বিদ্যালয় এতিয়া জলমগ্ন হৈ থকাৰ লগতে ৬ খন বিদ্যালয়ত বন্যাৰ্তই অস্থায়ী ভাবে আশ্ৰয় লৈ আছে।

একেদৰে ২ খনকৈ হাই স্কুলতো বন্যাৰ্তই অস্থায়ী ভাবে আশ্ৰয় লৈ থকাত মুঠ ৭১ খন বিদ্যালয়ত আজিৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে পাঠদান বন্ধ ৰখাৰ লগতে বাকী ২৪৪ খন বিদ্যালয়ত কোনো মতে পাঠদান আৰম্ভ কৰা হয়।

আনহাতে দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অধীনস্থ প্ৰায় শতাধিক বিদ্যালয় পানীৰ তলত থকাত পাঠদান সম্পূৰ্ণৰূপে বন্ধ ৰখা হয় । একেদৰে জিলা দুখনৰ মাজত থকা তিনি শতাধিক ভেঞ্চাৰ শিক্ষানুষ্ঠানও বানপানীৰ ফলত পাঠদান বন্ধ থাকে।

মানকাচৰ খণ্ড শিক্ষা বিষয়া আনিছুৰ ৰহমান জানিবলৈ দিয়া মতে উক্ত বন্ধ হৈ থকা বিদ্যালয়ৰ একাংশ বিদ্যালয়ৰ পৰা আজিৰ দিনলৈকে পানী চোতালৰ পৰা নামিছে যদিও বোকা শুকোৱাৰ পাছতহে পাঠদান আৰম্ভ কৰা সম্ভৱ হব । আনহাতে আন একাংশ বিদ্যালয়ত এতিয়াও পানীয়ে জলমগ্ন কৰি ৰখাৰ লগতে একাংশ বিদ্যালয়ৰ চোতালৰ পৰা পানী নামিলেও ওখ স্থানত নিৰ্মাণ কৰা বিদ্যালয়ৰ চৌদিশে পানীয়ে জলমগ্ন কৰি ৰখাৰ ফলত শিক্ষাৰ্থী সকলে অহা-যোৱা কৰাৰ ক্ষেত্ৰত নাও বা কলগছৰ ভূৰ ব্যৱহাৰ কৰিব লাগিব।

গতিকে বাট-পথৰ পৰা পানী নকমালৈ পাঠদান বন্ধ থাকিলেও পৰবৰ্তী সময়ত অতিৰিক্ত ভাবে ছাত্ৰ-ছাত্ৰী সকলক পাঠদানৰ ব্যৱস্থা কৰা হব বুলি শিক্ষা বিষয়াই প্ৰকাশ কৰে যদিও বোকাময় অৱস্থাত দূৰ্গন্ধময় পৰিবেশৰ মাজত কিমান দিনলৈ বিদ্যালয় সমূহ বন্ধ থাকিব তাৰ কোনো ঠিক নাই।

মন কৰিবলগীয়া যে এইদৰে জিলা খনৰ দুখনকৈ শিক্ষা খণ্ডৰ অধীনত ডেৰ শতাধিক চৰকাৰী আৰু তিনি শতাধিক বেচৰকাৰী বিদ্যালয়ৰ পাঠদান বন্ধ থকাৰ ফলত প্ৰায় দুই তিনি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী পাঠদানৰ পৰা বঞ্চিত হবলগা হৈছে । আৰু কিমান দিনলৈ এইদৰে জিলাখনৰ শিক্ষৰ্থীয়ে বানপানীৰ ফলত পাঠদানৰ পৰা বঞ্চিত হব তাৰ কোনো ঠিক নাই। গতিকে এই বেলি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষত অন্ধকাৰৰ দিশত যোৱাটো একপ্ৰকাৰে খাটাং হৈ পৰা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in