৪ অক্টোবৰত দৰ্শনাৰ্থী-পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

৪ অক্টোবৰত দৰ্শনাৰ্থী-পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

ডিজিটেল সংবাদ, শালবাৰীঃ অহা ৪ অক্টোবৰত দৰ্শনাৰ্থী-পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান৷ ইতিমধ্যে এক জাননীযোগে এই কথা সদৰি কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই৷ ৪ অক্টোবৰৰ ৰাতিপুৱা ৯ বজাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশদ্বাৰত ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিব বিটিচিৰ উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে৷

উক্ত দিনাই ৰাষ্ট্ৰীয় উদ্যানখনত কেন্দ্ৰীয়ভাবে উদযাপন কৰা হ'ব এক অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ চলিবলগীয়া ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ৷ এই উপলক্ষে দিনৰ ১১ বজাত এখন মুকলি সভাৰো আয়োজন কৰা হৈছে৷ উল্লেখযোগ্য যে, ২০১৮-১৯ বিত্তীয় বৰ্ষত উদ্যানখনলৈ ৪২,৩২৯ গৰাকী দেশীয় আৰু ৬৫৮ গৰাকী বিদেশী পৰ্যটক আহিছিল৷ যাৰপৰা উদ্যান কৰ্তৃপক্ষই লাভ কৰা সৰ্বমুঠ ৰাজহৰ পৰিমাণ আছিল ১,০৬,৬৩,৫০০ টকা৷

ইয়াৰ ভিতৰত দেশীয় পৰ্যটকৰ পৰা ৯৩,৫৮,৪৯৭ টকা, বিদেশী পৰ্যটকৰ পৰা ৬,২৪,৪২৮ টকা আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ যান-বাহনৰ পৰা উদ্যান কৰ্তৃপক্ষই লাভ কৰিছিল ৬,৮০,৫৭৫ টকাৰ ৰাজহ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ ১৫ জুনত বাৰিষাৰ বাবে সাধাৰণ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰবেশদ্বাৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in