মানাহ মাউজিগেন্দ্ৰি ইক’ টুৰিজিম ছচাইটিৰ উদ্যোগত বাক্সাৰ আনন্দবজাৰ হাটখোলাত গছপুলি ৰোপণ…

মানাহ মাউজিগেন্দ্ৰি ইক’ টুৰিজিম ছচাইটিৰ উদ্যোগত বাক্সাৰ আনন্দবজাৰ হাটখোলাত গছপুলি ৰোপণ…

ডিজিটেল সংবাদ,শালবাৰীঃ বাক্সাৰ অগ্ৰণী প্ৰকৃতিপ্ৰেমী সংগঠন মানাহ মাউজিগেন্দ্ৰি ইক' টুৰিজ্যিম ছচাইটিৰ উদ্যোগত তথা শালবাৰী মহকুমাৰ আনন্দবজাৰ হাটখোলাবাসী ৰাইজৰ সহযোগত হাটখোলাত দেওবাৰে এক গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন হৈ যায় ৷

সংগঠনটোৰ পাখিৰাম প্লেনটেচন প্ৰগ্ৰাম নামৰ আঁচনিৰ অধীনত হাটখোলা ত্ৰিনাথ মন্দিৰ চৌহদত তথা ৰাজহুৱা শ্মশানত বিভিন্ন জাতৰ গছপুলি ৰোপণ কৰা হয় ৷ প্ৰাকৃতিক ভাৰসাম্যতা বজাই ৰখাৰ উদ্দেশ্যে সংগঠনটোৱে বিভিন্ন ঠাইত একেধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ৷

দেওবাৰে এই কাৰ্যসূচীত অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ চন্দ্ৰকান্ত বসুমতাৰী, সমাজকৰ্মী মনোৰঞ্জন তালুকদাৰ, সংগঠনটোৰ সভাপতি কালিচৰণ বসুমতাৰীকে ধৰি ভালেকেইজন সদস্য আৰু ৰাইজ উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in