মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিহ দি নিধন কৰিলে দুটাকৈ মাতৃ-পোৱালি নাহৰফুটুকী বাঘ, ঘটনাত জড়িত এজনক আটক

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিহ দি নিধন কৰিলে দুটাকৈ মাতৃ-পোৱালি নাহৰফুটুকী বাঘ, ঘটনাত জড়িত এজনক আটক

ডিজিটেল সংবাদ, শালবাৰীঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত অঘটন৷ উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ নাৰায়ণগুৰিত বিহ দি হত্যা কৰিলে দুটাকৈ নাহৰফুটুকী বাঘ৷ ইতিমধ্যে ঘটনাত জড়িতৰ সন্দেহত বনবিভাগ আৰু আৰক্ষীয়ে আটক কৰিছে স্থানীয় এজন লোকক৷

নাৰায়ণগুৰি গাঁৱৰে হানিফ আলী নামৰ লোকজনক আটক কৰি সম্প্ৰতি বাঁহবাৰী বন নিৰীক্ষণ চকীত সোধপোছ অব্যাহত ৰাখিছে বনবিভাগৰ উচ্চস্তৰীয় বিষয়াসকলে৷ উল্লেখ্য যে, মানাহৰ সমীপৱৰ্তী নাৰায়ণগুৰি গাঁৱৰ হানিফ আলী নামৰ লোকজনৰ এটা গো ধন প্ৰায় এসপ্তাহ পূৰ্বে উদ্যানখনৰ বাঘে হত্যা কৰিছিল৷ তাতেই খৰ্গহস্ত হৈ হানিফ আলীয়ে বাঘ নিধনৰ উদ্দেশ্যে মৃত্যু হোৱা গো ধনটোৰ ওপৰত বিহ ছটিয়াই থৈছিল আৰু সেই গো ধনটো খোৱাৰ ফলতেই মৃত্যুমুখত পৰে উদ্যানখনৰ মাতৃ-পোৱালি দুটাকৈ নাহৰফুটুকী৷

নাৰায়ণগুৰিৰ ঘন জংঘলত এসপ্তাহ পিছত প্ৰথমে বৃহস্পতিবাৰে এটা আৰু অনুসন্ধানৰ অন্তত শুকুৰবাৰে আন এটা নাহৰফুটুকী বনবিভাগে উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ তাৰ পিছতেই ঘটনাস্থলীত মানাহৰ ক্ষেত্ৰ সঞ্চালক,শালবাৰী মহকুমাধিপতি, শালবাৰী মহকুমা আৰক্ষী বিষয়া, গোৱৰ্দ্ধনা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, মেজিষ্ট্ৰেট উপস্থিত হোৱাৰ অন্তত বনবিভাগে উৱলি যোৱা নাহৰফুটুকী দুটা জ্বলাই দিয়ে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in