শেহতীয়া খবৰ
তামুলপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত এজন  •  আহমেদাবাদত কংগ্ৰেছ নেতা হাৰ্দিক পেটেলৰ জনসভাত উত্তপ্ত পৰিস্থিতি, চাওঁক VIDEO  •  থিয়নামেৰে জীপাল হ'ল বামুণীমৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্ত্তন ঘৰ, চাওক VIDEO...  •  বিজেপিক সমৰ্থনেৰে দিয়া বিবৃতিৰ বাবেই অপসাৰিত হ’ল ২ আক্ৰাছু নেতা  •  ‘বীৰ চক্ৰ’ৰ বাবে ভাৰতীয় বায়ু সেনাৰ পৰা উইং কামাণ্ডাৰ অভিনন্দনৰ নাম প্ৰেৰণ...  •  কোকৰাঝাৰত বিপিএফৰ বিশাল সমদল... VIDEO  •  ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবৰ  •  নৱ শৰণীয়া নিজেই জেলৰ ভাত খোৱা মানুহ, তেওঁ আনক কি বুজনি দিবঃ বিশ্বজিত দৈমাৰী  •  আক্ৰাছুৰ ২ নেতাক অপসাৰণ  •  শুৱালকুছিত কংগ্ৰেছৰ সভাতে ভানুক উদ্দেশ্যি শিলগুটি নিক্ষেপ ছদ্মৱেশী বিজেপি সমৰ্থকৰ

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ মুকলি কৰি দিয়া হ’ল দুটাকৈ গঁড়ৰ পোৱালি…

55

ডিজিটেল সংবাদ,শালবাৰীঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰে পুনৰ মুকলি কৰি দিয়া হ’ল দুটি গঁড়ৰ পোৱালি ৷ কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা অনা হয় গঁড় পোৱালি দুটা ৷ ইয়াৰ ভিতৰত এটা মাইকী, আনটো মতা ৷ ২০১৬ চনৰ বানত মাতৃৰ পৰা বিচ্ছিন্ন এই গঁড় পোৱালি দুটিক উদ্ধাৰ কৰি কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ তথা পুনৰ সংস্থাপন কেন্দ্ৰত লালন পালন কৰাৰ পাছত পুনৰ সংস্থাপনৰ বাবে কালি কাজিৰঙাৰ পৰা মানাহলৈ অনা হয় পোৱালি দুটি ৷

মঙলবাৰে পুৱাৰ ভাগত মানাহৰ ৰাইনো কেম্পৰ সমীপত থকা ‘বুমা’ৰ ভিতৰত মুকলি কৰি দিয়া হয় পোৱালি দুটা ৷ নতুন পৰিৱেশত অভ্যস্ত নোহোৱালৈ ‘বুমা’ৰ ভিতৰতে পৰ্যবেক্ষণত ৰখা হ’ব গঁড়ৰ পোৱালি দুটা ৷ উল্লেখযোগ্য যে এই বৰ্ষৰে যোৱা ২২ জানুৱাৰীত কাজিৰঙাৰ পৰা আনি মানাহত মুকলি কৰি দিয়া হৈছিল আন দুটি গঁড়ৰ পোৱালি ৷ আজি মুকলি কৰি দিয়া গঁড় দুটিৰ সৈতে মানাহত গঁড়ৰ সংখ্যা ৩৯ লৈ বৃদ্ধি পালে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি