নিৰ্মম! নিজৰ জীৱনৰ সমস্যা দূৰ কৰিবলৈ মৰক্ক’ৰ তান্ত্ৰিকৰ কথামতে সপ্তম মহলাৰ পৰা দলিয়াই হত্যা বন্ধু কন্যাক…

নিৰ্মম! নিজৰ জীৱনৰ সমস্যা দূৰ কৰিবলৈ মৰক্ক’ৰ তান্ত্ৰিকৰ কথামতে সপ্তম মহলাৰ পৰা দলিয়াই হত্যা বন্ধু কন্যাক…

ডিজিটেল ডেস্কঃ অন্ধবিশ্বাসৰ বলি হৈয়েই হত্যাকাৰীলৈ পৰিগণিত হল মুম্বাইৰ এজন ব্যৱসায়ী। যোৱা ৭ ছেপ্টেম্বৰত মুম্বাইৰ কোলাবাত এটা এপাৰ্টমেন্টৰ সপ্তম মহলাৰ পৰা লোকজনে তললৈ দলিয়াই হত্যা কৰিছিল এটি চাৰে তিনিবছৰীয়া কন্যা শিশুক। এই ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনে অৱশেষত আৰক্ষীৰ আগত স্বীকাৰ কৰিলে যে অন্ধ বিশ্বাসৰ বলি হৈয়েই তেওঁ হত্যা কৰিছিল শিশুটিক।

৪৩ বৰ্ষীয় অনিল চৌকানী নামৰ লোকজনে আৰক্ষীৰ আগত স্বীকাৰ কৰা মতে, মৰক্ক'ৰ এগৰাকী মহিলা তান্ত্ৰিকে তেওঁক এয়া কৰিবলৈ পৰামৰ্শ দিছিল। ব্যৱসায় আৰু পাৰিবাৰিক জীৱনত বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত অনিল চৌকানীক দুটি শিশুৰ বলি দিলে সকলো সমস্যাৰ অন্ত পৰিব বুলি কৈছিল মহিলা তান্ত্ৰিক গৰাকীয়ে।

এই তান্ত্ৰিকগৰাকীৰ পৰামৰ্শ অনুসৰিয়েই ৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৭.৩০ বজাত লোকজনে তেওঁৰ বন্ধুৰ কন্যা শিশুটিক ঘৰলৈ মাতি আনি সপ্তম মহলাৰ পৰা তললৈ দলিয়াই হত্যা কৰে। লোকজনে বলিৰ বাবে আন এটা শিশুৰ সন্ধানত আছিল বুলিও আৰক্ষীৰ আগত স্বীকাৰ কৰে হত্যাকাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in