আৰক্ষীৰ গুণ্ডাগিৰি! যান-বাহন আইন উলংঘা কৰা অভিযোগত ৰাজপথত গুৰুলা-গুৰুলকৈ প্ৰহাৰ যুৱকক, ভাইৰেল VIDEO

আৰক্ষীৰ গুণ্ডাগিৰি! যান-বাহন আইন উলংঘা কৰা অভিযোগত ৰাজপথত গুৰুলা-গুৰুলকৈ প্ৰহাৰ যুৱকক, ভাইৰেল VIDEO

ডিজিটেল ডেস্কঃ জনতাক নিৰাপত্তাৰ বাবে নিয়োজিত একাংশ আৰক্ষীলোকেই কেতিয়াবা জনতাৰ বাবে হৈ পৰে সন্ত্ৰাসৰ কাৰণ। শেহীয়াকৈ তেনে এটা ঘটনাই সংঘটিত হল উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰত। এজন লোকে যান-বাহন আইন উলংঘা কৰাৰ অভিযোগত ২ জন আৰক্ষীলোকে নিজেই ভংগ কৰিলে আইন। চাওক তলৰ ভিডিঅটো-

ভিডিঅটোত আৰক্ষী ২ জনে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা লোকজন বৰ্তমান চিকিৎসাধীন। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি এই লোকজনে উলংঘা কৰিছিল যান-বাহন আইন। তাৰ প্ৰত্যুত্তৰ হিচাপে আৰক্ষীৰ লোক দুজনে মাটিত বগৰাই প্ৰহাৰ কৰিলে লোকজনক। আৰক্ষীৰ লোক দুজনৰ এই গুণ্ডাগিৰিৰ ভিডিঅ ভাইৰেল হোৱাৰ পাছতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে তৎকালীনভাৱে নিলম্বন কৰে এই ২ আৰক্ষীক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in