শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

উন্মাদ যুৱকৰ ৰেলত অগ্নিসংযোগ, যাত্ৰীক চুৰিকাঘাতঃ প্ৰায় ২০ জন যাত্ৰী আহত..

ডিজিটেল ডেস্কঃ জাপানৰ টকিঅ’ চহৰত ভয়ংকৰ ঘটনা। এখন যাত্ৰীবাহী ৰেলত অগ্নি সংযোগ কৰিলে এজন যুৱকে। জানিব পৰা মতে টকিঅ’ৰ এখন ৰেলৰ কম্পাকৰ্টমেণ্টত এজন যুৱকে প্ৰথমে কেইবাজনো ব্যক্তিক চুৰিকাঘাত কৰে আৰু ইয়াৰ পিছতেই সেই নিৰ্দিষ্ট কম্পাৰ্টমেণ্টত অগ্নি সংযোগ কৰে। ফলত প্ৰয়া কুৰি জন ব্যক্তি আহত হৈছে। এই ঘটনাত আহতৰ কেইবাজনোৰ অৱস্থা অতি সংকটজনক।

টকিঅ’ৰ আৰক্ষীয়ে সদৰী কৰা মতে এই আক্ৰমণ কৰা যুৱকজনক ঘটনাস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বয়স ২০ বছৰৰ তলত। তেওঁ এই ঘটনা কিয় সংঘটিত কৰিলে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

টকিঅ’ আৰক্ষীয়ে কৈছে যে, এই ঘটনাটো কোকুৰিঅ’ ষ্টেচনৰ ওচৰৰ কেইঅ’ ৰেলৰ ভিতৰত সংঘটিত হৈছে। চিচি টিভিৰ ফুটেজত দেখা গৈছে যে কেইবাজনো অগ্নিনিৰ্বাপক বাহিনীৰ লোক, আৰক্ষী বিষয়া আৰু পেৰামেডিকেলৰ লোকে ৰেলত থকা যাত্ৰীসকলক উদ্ধাৰ কৰিছে। বহুতো যাত্ৰীয়ে প্ৰাণ বচাবলৈ ৰেলখনৰ খিৰিকীৰ পৰা জঁপিয়াই পলাই গৈছে।

এই আক্ৰমণ সংঘটিত কৰা যুৱকজনে প্ৰথমে তৈলযুক্ত পদাৰ্থ ৰেলৰ এটা বিশেষ কম্পাৰ্টমেণ্টত ঢালে আৰু ইয়াৰ পাছত চুৰিৰে একাংশ যাত্ৰীক আঘাত কৰিছিল আৰু অগ্নি সংযোগ কৰিছিল। উল্লেখ্য যে, টকিঅ’ত ৰেলৰ ভিতৰত চুৰিৰে আক্ৰমণৰ দুমাহৰ ভিতৰত এইটো দ্বিতীয় ঘটনা। ইয়াৰ পূৰ্বে আগষ্টমাহত টকিঅ’ অলিম্পিকৰ সামৰণি অনুষ্ঠানৰ এদিন পূৰ্বে ৩৬ বছৰীয়া ব্যক্তি এজনে এখন যাত্ৰীবাহী ৰে’লত ১০ জন লোকক চুৰিকাঘাত কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি