মোডীৰ জন্মদিনত ১.২৫ কেজি ওজনৰ সোণৰ মুকুট দান কৰিলে কোনে…

মোডীৰ জন্মদিনত ১.২৫ কেজি ওজনৰ সোণৰ মুকুট দান কৰিলে কোনে…

ডিজিটেল ডেস্কঃ মঙলবাৰে ৬৯ বছৰত ভৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীৰ জন্মদিনটোত তেওঁৰ অংসখ্য সমৰ্থক তথা অনুৰাগীয়ে ফেচবুক, টুইটাৰৰ উপৰিও পত্ৰযোগে জ্ঞাপন কৰিছে শুভেচ্ছা। কিন্তু প্ৰধানমন্ত্ৰীৰ এগৰাকী অনুৰাগীয়ে মোডীৰ জন্মদিনটো পালন কৰিলে ব্যতিক্ৰমভাৱে। অনুৰাগীজনে বাৰানসীৰ এটা মন্দিৰত মোডীৰ জন্মদিনটোতে দান কৰিলে ১.২৫ কিলোগ্ৰাম ওজনৰ এটা সোণৰ মুকুট।

অৰবিন্দ সিং নামৰ প্ৰধানমন্ত্ৰী মোডীৰ অনুৰাগীজনে বিজেপিয়ে দ্বিতীয়বাৰ শাসনলৈ আহিলে মন্দিৰত সোণ দান কৰাৰ মানস কৰিছিল। সেই অনুসৰি বিজেপিয়ে পুনৰ এবাৰ জয়লাভ কৰাত প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনটোতেই তেওঁ বাৰানসীৰ সংকটমোচক হনুমান মন্দিৰত ১,২৫ কেজি ওজনৰ সোণৰ মুকুট দান কৰি মানস পূৰণ কৰে।

'মোডীজীয়ে যিদৰে দেশ পৰিচালনা কৰিছে, সেয়া বিগত ৭৫ বছৰত সম্ভৱ হোৱা নাছিল। সেই কাৰণেই মই সোণৰ মুকুট দান কৰাৰ মানস কৰিছিলো। মই বিশ্বাস ইয়াৰ ফলত দেশৰ ভৱিষ্যত সোণৰ দৰে উজ্বল হৈ পৰিব।' -সোণৰ মুকুট দান কৰি এইদৰে মন্তব্য কৰে অৰবিন্দ সিঙে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in