শেহতীয়া খবৰ
জি এছ ৰোডত এফালৰ পৰা গুলীবৰ্ষণ কৰি আগবাঢ়িব লগা হৈছে আৰক্ষী...  •  উত্তপ্ত লতাশিলঃ খেলপথাৰত প্ৰৱেশ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী...  •  চানমাৰী থানাৰ সমীপতে ব্যাপক প্ৰতিবাদ...  •  চানমাৰীত প্ৰতিবাদকাৰীয়ে ভাঙিলে আৰক্ষীৰ বাহন...  •  গুৱাহাটীত উত্তপ্ত পৰিৱেশঃ সেনাক উভতি ধৰিছে প্ৰতিবাদকাৰীয়ে...  •  কেব আমি নামানোঃ নুমলীগড়ত বাগিচাই বাগিচাই চাহ শ্ৰমিকৰ কেবৰ তীব্ৰ প্ৰতিবাদ, VIDEO  •  আহ অসমীয়া ওলাই আহঃ চানমাৰীত আৰক্ষীৰ সমুখতে উত্তাল প্ৰতিবাদ...  •  সেনা-আৰক্ষীৰ নিছিদ্ৰ নিৰাপত্তাৰ মাজতো লতাশিলত সমাগম ৰাইজঃ উপস্থিত শিল্পী মানস ৰবীন...  •  ভাৰতৰ সাংবিধানিক ইতিহাসত এয়া এটা ক’লা দিনঃ ছোনিয়া গান্ধী  •  এই বিশ্বাস ঘাতকতাৰ পৰিণাম ভুগিব লাগিব...

অভয়াপুৰী মালেগড়ত পানীৰ সোঁতে উটুৱাই নিলে এজনক

349

ডিজিটেল সংবাদ, বঙাইগাঁওঃ ৰাজ্যৰ সৰ্বত্ৰে বান তাণ্ডৱ অব্যাহত থকাৰ সময়তে বুধবাৰে সন্ধিয়া অভয়াপুৰীৰ মালেগড়ত বাঢ়নী পানীত উটি গ’ল এজন লোক। জানিব পৰা মতে, সন্ধিয়া প্ৰায় ৮.৩০ বজাত মালেগড়ৰ দয়াল দাস (৩৫) নামৰ ব্যক্তিজনে নিজ গৃহৰ পৰা মালেগড় বজাৰলৈ গড়কপ্তানী পথেৰে গৈ থকা অৱস্থাত পানীৰ কোবাল সোঁতে উটুৱাই নিয়ে৷

ইফালে লোকজন বাঢ়নী পানীৰ কোবাল সোঁতত সন্ধানহীন হোৱাৰ পিছতে স্থানীয় লোকে উদ্ধাৰৰ বাবে চেষ্টা চলায় যদিও বৰ্তমানলৈকে লোকজনক কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই স্থানীয় ৰাইজে। লোকজন সন্ধানহীন হোৱাৰ পিছতে অঞ্চলটোত শোকাকুল পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীক অৱগত কৰিছে স্থানীয় লোকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি