মাঘত কন্যাৰ বিয়াৰ দিন ঠিক হৈছিল, যা-যোগাৰত ব্যস্ত থকা পিতৃয়ে গছৰ পৰা পৰি হেৰুৱালে প্ৰাণ…

মাঘত কন্যাৰ বিয়াৰ দিন ঠিক হৈছিল, যা-যোগাৰত ব্যস্ত থকা পিতৃয়ে গছৰ পৰা পৰি হেৰুৱালে প্ৰাণ…

ডিজিটেল সংবাদ, দুমুনিচকীঃ গছত উঠি ডাল কাতি থকা অৱস্থাত গছৰ ওপৰৰ পৰা পৰি থিতাতে মৃত্যু হোৱা বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বেজেৰাৰ মহাজনপাৰা চুবুৰী নিবাসী থানেশ্বৰ ডেকাৰ বুধবাৰে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত মৃতদেহ ডেকাৰ বাসগৃহলৈ নি সন্ধিয়া শেষকৃত সম্পন্ন কৰা হয়। উল্লেখ্য যে, দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো পোহপাল দিয়া ডেকাৰ মৃতদেহ বাসগৃহলৈ লৈ অহাৰ পিছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে অহা মাঘ মাহত ডেকাৰ একমাত্ৰ কন্যাৰ বিবাহৰ দিন ধাৰ্য্য কৰা হৈছিল। সেই উপলক্ষে কন্যাৰ বিবাহ সম্পৰ্কীয় যা-যোগাৰত ব্যস্ত হৈ পৰা ডেকাই আন দিনাৰ দৰে মঙলবাৰেও সৌভাগ্য আঁচনিৰ অধীনত চলি থকা শক্তি বিভাগৰ কামলৈ গৈছিল। কিন্তু নতুনকৈ স্থাপিত খুটাত বৈদ্যুতিক তাৰ সংযোগ কৰাৰ পূৰ্বেই ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত গছৰ ডাল কাটি থকা সময়তে দুমুনিচকীৰ বাথান গাঁৱত উক্ত ঘটনা সংঘটিত হয়।

ইফালে ঠিকাদাৰ বনমালী শৰ্মাই পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰা বুলি জানিবলৈ দিয়ে যদিও পিতৃক হেৰুৱাই শোকত মৃয়মান হৈ পৰা একমাত্ৰ কন্যাক কোনেও সান্তনা দি ৰাখিব পৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in