তামিলনাডুত কেনিবেল! শ্মসানত আধা জ্বলা মৃতদেহ ভক্ষণ

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় কেনিবেল সকলৰ কথা শুনিছে। যিয়ে নৰ মাংস ভক্ষণ কৰে। সমগ্ৰ বিশ্বৰ ভিতৰত আটাইতকৈ নৃশংস হিচাপে গণ্য কৰা কেনিবেলসকলে মানৱ দেহৰ শৰীৰ কাটি ভক্ষণ কৰে। সম্প্ৰতি তামিলনাডুত তেনে এজন কেনিবেলৰ কথা পোহৰলৈ অহাৰ পিছত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৰাজ্যখনত।

জানিব পৰা মতে, তিৰুনেলৱেলী জিলাৰ বাসুদেৱনল্লুৰ চহৰত আৰক্ষীয়ে আটক কৰে কেনিবেলজনক। চহৰখনৰ টী ৰামনথপুৰম গাঁৱৰ গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, এই লোকজনক গাঁওখনৰ সমীপৰ এখন শ্মসানত নৰ মাংস ভক্ষন কৰি থকা দেখা গৈছিল। ইয়াৰ পিছতে গাঁওবাসীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ লোকজনক গ্ৰেপ্তাৰ কৰি পিছত মানসিক ৰোগ চিকিৎসালয়ত ভৰ্তি কৰে।

ঘটনা অনুসৰি শনিবাৰে নিশা গাঁওখনত এগৰাকী ৭০ বৰ্ষীয় বৃদ্ধাৰ মৃত্যু ঘটাত যথা ৰীতি অনুসৰি গাঁওবাসী আৰু পৰিয়ালে বৃদ্ধাৰ মৃতদেহ সমীপৰ শ্মসানত দাহ কৰে। নিশা প্ৰায় ১.২০ বজাত স্থানীয় কেইজনমান লোক সেই শ্মসানৰ সন্মুখেৰে আহি থকা অৱস্থাত প্ৰত্যক্ষ কৰে যে এজন লোকে চিতাৰ চাই আতৰাই আধা জ্বলা নৰদেহৰ মাংস কাটি খাই আছে। এই ঘটনা প্ৰত্যক্ষ কৰাৰ পিছতে স্থানীয় লোকে ব্যক্তিজনলৈ শিল, ইটা দলিয়াই যদিও কোনো ফল নিদিয়াত অৱশেষত আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজন এছ মুৰুগেছন বুলি স্থানীয় ৰাইজে চিনাক্ত কৰে। লোকজনে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিছিল আৰু ড্ৰাগছ খোৱা বাবে পত্নী আৰু কন্যাই ব্যক্তিজনক এৰি দিছিল বুলিও জনায় স্থানীয় লোকে। দিনৰ ভাগত অতি ভদ্ৰ আৰু অমায়িকভাৱে থকা লোকজনে এনেদৰে শ্মসানত নৰমাংস ভক্ষণ কৰি থকাটো আশ্বৰ্যকৰ বুলি মন্তব্য কৰিছে স্থানীয় লোকে। আনহাতে স্থানীয় ৰাইে অভিযোগ কৰা মতে, তেওঁলোকে প্ৰায়ে শ্মসানত নৰদেহৰ মাংস ইফালে সিফালে পৰি থকা দেখিবলৈ পায়। যাৰ বাবে এছ মুৰুগেন নামৰ লোকজনেই নৰদেহ ভক্ষণ কৰি তেনে কৰে বুলি আশংকা ব্যক্ত কৰিছে লোকসকলে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনৰ পৰা মাংস কাটিবলৈ ব্যৱহাৰ কৰা এখন চোকা অস্ত্ৰ উদ্ধাৰ কৰিছে। আৰক্ষীয়ে লোকজনক নৰদেহ ভক্ষণকাৰী কেনিবেল বুলি সন্দেহ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in