সাংবাদিক মনোজৰ মহানুভৱতা, কন্যাৰ বিয়া বাতিল কৰি বানাক্ৰান্তলৈ আগবঢ়ালে সমস্ত ধন

সাংবাদিক মনোজৰ মহানুভৱতা, কন্যাৰ বিয়া বাতিল কৰি বানাক্ৰান্তলৈ আগবঢ়ালে সমস্ত ধন

ডিজিটেল ডেস্কঃ কন্যাৰ বিয়াৰ বাবে সকলো আয়োজন চলিছিল এমাহ আগৰেপৰা। পূৰ্ব নিৰ্ধাৰিত সময় অনুযায়ী দেওবাৰে কন্যা দেৱীৰ অধিবক্তা সুধাকৰণৰ সৈতে আইনী বিবাহ সম্পন্ন কৰা হয়। আইনী বিয়াৰ লগতে অহা সপ্তাহত আলহী-অতিথি তথা বন্ধু-বান্ধৱক নিমন্ত্ৰণ জনাই অভ্যৰ্থনা অনু্ষ্ঠানৰো আয়োজন কৰিছিল পি এম মনোজে।

কিন্তু এই অভ্যৰ্থনা অনুষ্ঠানত বাধাৰ সৃষ্টি কৰে ধাৰাসাৰ বৰষুণে। কেৰালাৰ কান্নুৰৰ যি ঠাইত অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথা আছিল সেয়া এতিয়া পানীৰ তলত। ইয়াকে লৈ অৱশ্যে মুঠেই চিন্তিন নহয় মনোজ তথা তেওঁৰ কন্যা।

বিপৰীতে তেওঁলোকে দৰাপক্ষৰ সৈতে আলোচনাৰ অন্তত বিবাহৰ আনুষ্ঠানিকতা বাতিল কৰি এই মুহূৰ্তত আন এক সিদ্ধান্তহে গ্ৰহণ কৰে। এই সিদ্ধান্ত অনুযায়ী কন্যাৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ বাবে গোটাই থোৱা সমস্ত ধন মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আগবঢ়ায়।

পি এম মনোজ পেছাত সাংবাদিক। ভাৰতীয় কমিউনিষ্ট দলৰো সদস্য মনোজ। তেওঁ কয়, 'আমাৰ ছোৱালীৰ আইনী বিয়াৰ পিছত ভালকৈ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছিলো। কিন্তু এনে বান পৰিস্থিতিত সেই অনুষ্ঠান এতিয়া আয়োজন কৰাৰ প্ৰশ্নই নুঠে। সেয়ে অনুষ্ঠানটোত খৰছ কৰিবলগীয়া ধনখিনি আমি মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰো।'-এইদৰে জনাইছে সাংবাদিক মনোজে।

উল্লেখ্য যে শতিকাটোৰ ভয়াৱহ বানত ৰাজ্যখনত এই পৰ্যন্ত ৩২৭জন লোকে প্ৰাণ হেৰুৱাইছে। গৃহহাৰা হৈছে লক্ষ লক্ষ লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in