দলগাঁৱত অবৈধ পিষ্টলসহ দুই যুৱক আটক

দলগাঁৱত অবৈধ পিষ্টলসহ দুই যুৱক আটক

ডিজিটেল সংবাদ, মঙলদৈঃ বুধবাৰে নিশা দৰঙ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱাৰ নেতৃত্বত আৰক্ষীয়ে এক অভিযান চলাই দলগাঁৱৰ খাৰপুৰি হাবি অঞ্চলৰ পৰা এটা অবৈধ পিষ্টলসহ দুজনক আটক কৰে৷ আটকাধীন দুই ধৃতৰ নাম দিগন্ত কলিতা আৰু ছাবেদ৷

উল্লেখযোগ্য যে আৰক্ষীয়ে বিদেশত নিৰ্মিত এটা ৭.৬৫ এম এম পিষ্টল আৰু এটা মেগজিনসহ গাঁওখনৰ ছাহানুৰ নামৰ এজন ব্যক্তিৰ ঘৰৰ ওচৰত ৰৈ থকা অৱস্থাত যুৱক দুজনক পিষ্টলসহ আটক কৰে। আনহাতে দলগাঁও আৰক্ষীয়ে সদৰী কৰা মতে দিগন্ত কলিতাৰ ঘৰ ওদালগুৰিৰ গুলমা চ'কত আৰু ছাবেদ আলীৰ ঘৰ ধনশ্ৰীকাষত৷ সম্প্ৰীতি দলগাঁও আৰক্ষীয়ে যুৱক দুজনক জে'ল হাজোতলৈ প্ৰেৰণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in