দৰঙৰ শিলবৰীত ৬লক্ষাধিক নকল টকা সহ এজনক আটক

দৰঙৰ শিলবৰীত ৬লক্ষাধিক নকল টকা সহ এজনক আটক

ডিজিটেল সংবাদ, দৰংঃ দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত শিলবৰী বজাৰত শুকুৰবাৰে ৬ লক্ষাধিক নকল টকাসহ আৰক্ষীয়ে এজনক আটক কৰে৷ জানিব পৰা মতে, শিলবৰী বজাৰত নকল টকা যোগান ধৰিবলৈ ব্যক্তি এজনে অল্ট' গাড়ী এখনৰে ৰৈ থকা খবৰ লাভ কৰি শিলবৰী আৰক্ষীয়ে গোপনে অভিযান চলাই নকল টকাসহ লোকজনক আটক কৰিবলৈ সক্ষম হয়।

ধৃত লোকজন ওদালগুৰিৰ জংগলগাঁৱৰ আচমত আলী বুলি জানিব পৰা গৈছে। লোকজনৰ পৰা আৰক্ষীয়ে ৬ লাখ ৪২ হেজাৰ টকাৰ নকল দুই হেজাৰ টকীয়া নোট উদ্ধাৰ কৰাৰ লগতে এএছ ১৩ই ১৬৮৮ নম্বৰৰ অল্ট' গাড়ী এখন জব্দ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in