আজি মোডী-মমতাৰ সাক্ষাতঃ ৰাজনৈতিক সমীকৰণ নে ৰাজ্যৰ সৰ্বাংগীন উন্নয়ন !

আজি মোডী-মমতাৰ সাক্ষাতঃ ৰাজনৈতিক সমীকৰণ নে ৰাজ্যৰ সৰ্বাংগীন উন্নয়ন !

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দিল্লীত বুধবাৰে সাক্ষাৎ কৰিব। পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচন ইয়াৰ পৰৱৰ্তী সময়ত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি এজনে আনজনক কথাৰে তীব্ৰ আক্ৰমণ কৰাৰ পিছত এইয়া হ'ব দুয়োৰে প্ৰথম সাক্ষাৎ।

বংগকন্যা মমতাই মোডীক সাক্ষাতৰ সময়ছোৱাত ৰাজ্যখনৰ বিভিন্ন বিষয়ৰ লগতে বি এছ এফৰ অধিকাৰ ক্ষেত্ৰ আৰু ত্ৰিপুৰাত হিংসাৰ বিষয়টো আলোচনা কৰাৰ সম্ভাৱনা আছে। মমতাৰ স্পষ্ট অভিযোগ আছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৰ বিৰুদ্ধে। মমতাৰ মতে বিপ্লৱ দেৰ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰে উচ্চতম ন্যায়ালয়ে ত্ৰিপুৰাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ ওপৰত স্থগিতাদেশ বিচাৰি টি এম চিৰ আবেদন খাৰিজ কৰিছিল। টি এম চিয়ে অভিযোগ কৰিছিল যে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি সঠিক নহয় আৰু স্থানীয় সংস্থাৰ নিৰ্বাচন ইয়াত নিষিদ্ধ কৰা উচিত। অৱশ্যে, আদালতে নিৰ্বাচন স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে। আদালতে কৈছে যে নিৰ্বাচন পিছুৱাই দিয়াটো গণতন্ত্ৰৰ পৰিপন্থী পদক্ষেপ আৰু আদালত ইয়াৰ বিৰোধী। যদি আমি এনে কৰো, তেন্তে এটা ভুল পৰম্পৰাৰ আৰম্ভ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in