শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

দুৰাৰোগ্য ব্যাধিত আক্ৰান্তলৈ ‘কৰুণাধাৰা’ৰ সাহায্য…

96

ডিজিটেল সংবাদ, মঙলদৈঃ প্ৰতিদিনাই ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যৰ আন প্ৰান্তৰ লগতে দৰং জিলাতো কোৰোনাত আক্ৰান্ত হৈছে বহু সংখ্যক লোক। তাৰ মাজতে কৰুণাধাৰা ন্যাসৰক্ষী সমিতিৰ অন্তৰ্ভুক্ত দৰং জিলা সহায়ক সমিতিয়ে মঙলবাৰে তিনিজন ৰোগাক্ৰান্ত ব্যক্তিলৈ আগবঢ়াইছে ৩২৫০০ টকা।

জানিব পৰা মতে, ‘কৰুণাধাৰা’ দৰং জিলা সহায়ক সমিতিৰ সম্পাদক গণেশ দত্ত আৰু সহকাৰী সম্পাদক শেখৰ মজুমদাৰে মঙলদৈ য়ুথ ক্লাবত মঙলবাৰে দিনৰ ১২ বজাত ছিপাঝাৰ গৰুখুটী নিবাসী, খেতিয়ক হৰেন্দ্ৰ নাথক ১১৫০০ টকা, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী নয়নজ্যোতি নাথক ১২ হাজাৰ টকা আৰু ঢেঁকীপাৰাৰ ক্ষুদ্ৰ ব্যৱসায়ী মিত্ৰদেৱ শৰ্মাক প্ৰদান কৰে ৯ হাজাৰ টকাৰ চেক। দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত সকললৈ কৰুণাধাৰা ন্যাসৰক্ষী সমিতিয়ে এনেদৰে আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাত সকলোৱে প্ৰশংসা কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি