মানকাচৰত  শিক্ষকৰ ৰূপত বিধায়ক  আমিনুল ইছলাম..

মানকাচৰত  শিক্ষকৰ ৰূপত  বিধায়ক  আমিনুল ইছলাম..

ডিজিটেল সংবাদ, মানকাচৰঃ চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱৰ আজি তৃতীয় তথা অন্তিম দিন। মানকাচৰত তিনি দিনত ৪১২ বিদ্যালয়ত অনুষ্ঠিত হয় গুণোৎসৱ । অসম চৰকাৰৰ পাঁচ গৰাকী জেষ্ঠ বিষয়াক গুণোৎসৱৰ বহি মূল্যায়ক হিচাপে নিযুক্তি দিয়াৰ পাছত বিষয়া সকলে নিজৰ নিজৰ দায়িত্বত থকা বিদ্যালয়ত বহি মূল্যায়ন কৰে।

একেদৰে জিলা উপায়ুক্ত পল্লৱী সৰকাৰ বিভিন্ন বিদ্যালয়ত গৈ গুণোৎসৱৰ পৰ্যালোচনা কৰাৰ লগতে মানকাচৰৰ বিধায়ক আমিনুল ইছলামক দিয়াৰা হাই স্কুলত দেখা গল শিক্ষকৰ ৰূপত। বিধায়ক আমিনুল ইছলাম আজি কেবাখনো বিদ্যালয়ত উপস্থিত হৈ গুণোৎসৱৰ পৰ্যালোচনা কৰে।ছাত্ৰ ছাত্ৰী সকলে শিক্ষাৰ দ্বাৰা এজন ভাল মানুহ হোৱাৰ আহ্বান জনায় বিধায়ক গৰাকীয়ে। লগতে শিক্ষা অভিহনে নতুন পৃথিৱী চিন্তা কৰাৰ বিকল্প নাই বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in