নিৰ্বাচনৰ শেষত মমতা বেনাৰ্জীয়েও জয় শ্ৰীৰাম ধ্বনি দিবঃ অমিত শ্বাহ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয়- 'যেতিয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ শেষত বেনাৰ্জীয়েও 'জয় শ্ৰীৰাম' ধ্বনি দিব। জয় শ্ৰীৰাম ধ্বনি মমতা বেনাৰ্জীৰ বাবে অপমান কিয়? বহু লোকে এই ধ্বনিক লৈ গৌৰৱ কৰে। আপুনি কিয় এই ধ্বনিক লৈ অপমান অনুভৱ কৰে?'

যদি জয় শ্ৰীৰাম ভাৰতত কোৱা নহয়, তেন্তে পাকিস্তানত ক'ব নেকি বুলিও প্ৰশ্ন কৰে শ্বাহে। লগতে তেওঁ কয়- '২০১৭ত মমতা বেনাৰ্জীয়ে কৈছিল যে বিজেপিয়ে পশ্চিমবংগত এখনো আসন নাপায়। কিন্তু পশ্চিমবংগৰ ৰাইজে বিজেপিক ১৮খন আসনত জয়ী কৰিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in