মমতাৰ প্ৰশ্ন- মাৰ্কিন চোৰাংচোৱাৰ সকীয়নিৰ পিছতো কিয় হ’ল পুলৱামা কাণ্ড?

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে পুৱলামা বিস্ফোৰণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। পুলৱামা বিস্ফোৰণৰ পূৰ্বে বিজেপিয়ে দেশত সাম্প্ৰদায়িক পৰিস্থিতি সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ তোলে মমতা বেনাৰ্জীয়ে। মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে কয়- 'চৰকাৰে ৫ বছৰত পাকিস্তানৰ বিৰুদ্ধে একো নকৰিলে। লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতক আক্ৰমণ কৰিবলৈ পাকিস্তানে সাহস কেনেকৈ পালে?'

লগতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক সংবাদমেলত কয়- 'চোৰাংচোৱাই দিয়া সতৰ্কতাৰ পাছতো চৰকাৰে ইমান কেইজন জোৱানক একেলগে লৈ যোৱাত কিয় সাৱধান হোৱা নাছিল?পুলৱামাত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱা সময়চোৱাত তেওঁ প্ৰশ্ন কৰে যে- 'ইয়াৰ অৰ্থ এই নেকি যে, ইউ এছ চোৰাংচোৱা যিসকলে ২০১৯ নিৰ্বাচনৰ পূৰ্বে এক সাম্প্ৰয়াদিক সংঘৰ্ষ আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণ হোৱাৰ সম্ভাৱনা থকা বুলি সতৰ্ক কৰিছিল, সেইটো সঁচা আছিল?

বিজেপি, আৰ এছ এছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'তেওঁলোকে পুলৱামা আক্ৰমণৰ জৰিয়তে দেশত সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পোৱাৰ চেষ্টা চলাইছে। পশ্চিমবংগত পূৰ্বে সংঘটিত এনে ধৰণৰ বহু ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি মমতা বেনাৰ্জীয়ে ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ বিয়পোৱা কোনো ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে আৰক্ষীক সতৰ্ক হ'বলৈ নিৰ্দেশ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in