হাৰ মানিলে মমতাই! কনিষ্ঠ চিকিৎসকক ক’লে- কামত যোগ দিয়ক, মানি ল’ম মই সকলো দাবী…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ আন্দোলনত বহা সকলো চিকিৎসকসকলক পুনৰ কামত যোগ দিবলৈ আহ্বান জনালে মমতা বেনাৰ্জীয়ে। এক সংবাদমেল সম্বোধন কৰি চিকিৎসকসকলক ৰোগীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ দায়িত্ব পালন কৰাৰ বাবে আহ্বান জনাই মমতা বেনাৰ্জীয়ে ঘোষণা কৰে যে- চিকিৎসকসকলৰ সকলো দাবী তেওঁ মানি ল'ব।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে মমতা বেনাৰ্জীয়ে চিকিৎসকসকলক হুংকাৰ দি অচিৰেই কামত যোগ নিদিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছিল। সেই হুংকাৰৰ পাছতেই দেশজুৰি চিকিৎসকসকলে পশ্চিমবংগৰ চিকিৎসকসকলৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনেও চিকিৎসকৰ আন্দোলনৰ বাবে মমতা বেনাৰ্জীয়ে জগৰীয়া বুলি মন্তব্য কৰিছিল।

ইফালে, শনিবাৰে আবেলি চিকিৎসকসকলক বৈঠকলৈ মাতিছিল যদিও, মমতা বেনাৰ্জীৰ সেই বৈঠকত চিকিৎসকসকলে অংশ নলওঁ বুলি ঘোষণা কৰে। তাৰ পাছতেই মমতা বেনাৰ্জীয়ে মন্ত্ৰী আৰু ৰাজ্যখনৰ প্ৰধান সচিবগৰাকীক চিকিৎসকসকলক সাক্ষাতৰ বাবে প্ৰেৰণ কৰে।

লক্ষণীয় যে, প্ৰতিবাদকাৰী চিকিৎসকসকলৰ প্ৰতিনিধিৰ দলে মমতা বেনাৰ্জীয়ে প্ৰেৰণ কৰা মন্ত্ৰী আৰু বিষয়াসকলক লগ নিদিলে। তাৰপাছতেই মমতা বেনাৰ্জীয়ে সংবাদমেল পাতি এই ঘোষণা কৰে। লগতে তেওঁ কয়- যোৱা দুদিন ধৰি তেওঁ মন্ত্ৰী আৰু প্ৰধান সচিবক প্ৰেৰণ কৰিছিল যদিও, প্ৰতিবাদকাৰী চিকিৎসকসকলে আলোচনাৰ বাবে তেওঁলোকক সাক্ষাৎ নিদিলে।

৫ ঘণ্টা ধৰি মমতা বেনাৰ্জীয়ে প্ৰেৰণ কৰা মন্ত্ৰী আৰু প্ৰধান সচিবগৰাকীয়ে প্ৰতিবাদকাৰী চিকিৎসকসকলৰ প্ৰতিনিধি দলৰ বাবে অপেক্ষা কৰে যদিও, তেওঁলোক নহাত এতিয়া চৰম অশ্বস্তিত পৰিছে মমতা বেনাৰ্জী। মমতা বেনাৰ্জীয়ে অৱশেষত ক'বলৈ বাধ্য হ'ল- 'কনিষ্ঠ চিকিৎসকসকলে কামত যোগ দিয়ক। মই তেওঁলোকৰ সকলো দাবী মানি লম।' লগতে তেওঁ কয়- এই আন্দোলনত যোগদান কৰা কোনো চিকিৎসকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in