শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

হিংসাত্মক ঘটনাৰ বাবে পশ্চিমবংগত কেন্দ্ৰীয় চৰকাৰে চাৰি জনীয়া দল পঠিওৱাক লৈ কি ক’লে মমতা বেনাৰ্জীয়ে…

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। উল্লেখ্য যে, ২ মে’ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত তৃণমীল কংগ্ৰেছে ২১৩খন আসনত জয়ী হৈ ৰাজ্যখনত চৰকাৰ গঠন কৰিছিল। নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে ৰাজ্যখনৰ একাংশ স্থানত সংঘটিত হয় হিংসাত্মক ঘটনা।

এই হিংসাত্মক ঘটনাৰ বাবে টিএমচিয়ে বিজেপিক আৰু বিজেপিয়ে টিএমচিক দোষী বুলি অভিযোগ উত্থাপন কৰিছে। মমতা বেনাৰ্জীয়ে কয়- ‘চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰা ২৪ ঘন্টাও হোৱা নাই, আৰু বিজেপিয়ে ইয়াত দল আৰু মন্ত্ৰীসকলক পঠিয়াই আছে।’

লগতে তেওঁ কয় যে- ‘বাহিৰৰ পৰা যিয়েই লোক আহিব, লাগিলে বিশেষ বিমানযোগেই আহক, তেওঁলোকৰ আৰটি-পিচিআৰ টেষ্ট কৰা হ’ব। টেষ্টৰ ক্ষেত্ৰত কোনো লোকৰ মাজত ভেদাভেদ কৰা নহয়।’ উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে চাৰি জনীয়া এটা দল এই হিংসাত্মক ঘটনাবোৰৰ সন্দৰ্ভত তদন্ত কৰিবলৈ পশ্চিমবংগলৈ প্ৰেৰণ কৰিছে। আৰু ইয়াক লৈয়ে মমতা বেনাৰ্জীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি