সোনভদ্ৰা কাণ্ডক লৈ বিজেপিৰ বিৰুদ্ধে সৰৱ মমতা বেনাৰ্জী, প্ৰিয়ংকাৰ পক্ষত দিলে থিয়…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ সোনভদ্ৰা কাণ্ডক লৈ এইবাৰ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ভূমি বিবাদক কেন্দ্ৰ কৰি চলা গুলীবৰ্ষণত ১০ জন লোক নিহত হৈছিল সোনভদ্ৰাত। ইয়াৰ পিছতে শুকুৰবাৰে পীড়িতসকলৰ পৰিয়ালক সাক্ষাৎ কৰাৰ বাবে সোনভদ্ৰাত উপস্থিত হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী।

কিন্তু সোনভদ্ৰাত পীড়িতৰ কাষত উপস্থিত হোৱাৰ পূৰ্বেই প্ৰিয়ংকা গান্ধীক মিৰ্জাপুৰ প্ৰশাসনে আটক কৰে। ইফালে শনিবাৰে পশ্চিম বংগৰ এটি ৪ জনীয়া তৃণমূল কংগ্ৰেছৰ সঁজাতি দলেই সোনভদ্ৰালৈ ৰাওনা হ যদিও বাৰানসী বিমান বন্দৰতে আবদ্ধ কৰি ৰখা হয় তেওঁলোকক। ইয়াৰ পৰিপ্ৰেক্ষিতত দেওবাৰে পুৱা সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰু চৰকাৰে ক্ষমতাৰ অপ্ৰয়োগৰে প্ৰিয়ংকা গান্ধীয়ে পীড়িত সকলৰ পৰিয়ালক সাক্ষাৎ কৰাত বাধা প্ৰদান কৰা বুলি অভিযোগ তুলে।

মমতাই কয়, 'প্ৰিয়ংকাক আটক কৰা ঘটনাক মই গৰিহণা দিছো। সোনভদ্ৰাত যি ঘটিল, সেয়া অনুচিত আছিল। সোনভদ্ৰাত দলিতৰ ওপৰত প্ৰায়ে অত্যাচাৰ সংঘটিত হৈ আহিছে আৰু ইয়াৰ বিৰুদ্ধে কোনোবাই মাত মাতিলে তেওঁৰ কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা কৰা হয়। কিন্তু তেনে কৰা অনুচিত। দলিতৰ অত্যাচাৰ বিৰুদ্ধে কোনোবাই মাত মাতিলে তেওঁক সেই অধিকাৰ প্ৰদান কৰা উচিত।'

'আমাৰ চৰকাৰে চিআৰপিচিৰ ধাৰা ১৪৪ জাৰি হৈ থকা সময়ত বিজেপিৰ এটা ৩ জনীয়া প্ৰতিনিধি দলক ভাটপাৰালৈ যোৱাৰ অনুমতি প্ৰদান কৰিছিল। কিন্তু বিজেপিয়ে প্ৰশাসনৰ নিয়ম উলংঘন কৰি ৫০ খনৰো অধিক গাড়ীৰে ঘটনাস্থলীলৈ গৈছিল। তাৰ বিপৰীতে প্ৰিয়ংকাই মাত্ৰ ৪ জনক লগত লৈহ সোনভদ্ৰালৈ গৈছিল। মই ভাৱো, যদি ৩-৪ জন ব্যক্তিয়ে যাব বিচাৰে, তেন্তে সদায় অনুমতি দিয়া উচিত।' -সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে মন্তব্য কৰে মমতাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in