মমতাৰ নিৰ্দেশ- ভুল কৰিলে ক্ষমা খুজিব লাগিব বিধায়কে, মাহত ৭ দিনতকৈ অধিক সময় কটাব লাগিব নিজৰ সমষ্টিত

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ২০২১ চনত অনুষ্ঠিত হ'বলগীয়া পশ্চিম বংগ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে। শুকুৰবাৰে তেওঁ ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰক সাক্ষাৎ কৰাৰ পিছতে কলকতাৰ তৃণমূল কংগ্ৰেছ ভৱনত বিধায়কৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত মমতা বেনাৰ্জীয়ে বিধায়কসকলক ৬ টা কৰ্প'ৰেট নিৰ্দেশ দিয়ে। যদি বিধায়কসকলে কিবা ভুল কৰে, তেন্তে তাৰ বাবে ক্ষমা খোজাৰো আহ্বান জনায় মমতা বেনাৰ্জীয়ে।

উল্লেখ্য যে, নিজ দলৰ বিধায়কসকলক প্ৰথমবাৰলৈ এনেদৰে কৰ্প'ৰেট নিৰ্দেশ প্ৰদান কৰিছে মমতা বেনাৰ্জীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশান্ত কিশোৰৰ পৰামৰ্শমতেই বিধানসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰি এনেদৰে বিধায়কসকলক কৰ্প'ৰেট নিৰ্দেশ প্ৰদান কৰা বুলি আলোচনা চলিছে।

মু্খ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিধায়কসকলক নিৰ্বাচনৰ পৰিস্থিতিৰ পৰা ওলাই আহি জনতাৰ প্ৰতিনিধি হিচাপে কাম কৰিবলৈ নিৰ্দেশ দিয়ে। বিধায়কসকলক মাহটোৰ ৭ দিনতকৈ অধিক সময় নিজৰ নিজৰ সমষ্টিত কটাবলৈ নিৰ্দেশ দিয়ে মমতাই। তদুপৰি কোনো ধৰণৰ বিবাদৰ সৈতে সাঙোৰ খাই নপৰিবলৈ সকিয়াই দি মমতাই বেনাৰ্জীয়ে ৰাজনৈতিক হিংসা প্ৰতিহত কৰাৰ স্বাৰ্থত পদক্ষেপ গ্ৰহণ কৰিবলৈ বিধায়কসকলক নিৰ্দেশ জাৰি কৰে।

কেৱল আৰক্ষী বা প্ৰশাসনৰ ওপৰতে নিৰ্ভৰশীল নহৈ নিজৰ ৰাজনৈতিক যুদ্ধ নিজেই যুজিবলৈ বিধায়কসকলক আহ্বান জনায় মমতাই। তদুপৰি যিকোনো বিবাদৰ পৰা আতৰি থাকিবলৈ আৰু বিধায়কসকলৰ আচৰণ সঠিকভাৱে ৰখাৰ ক্ষেত্ৰতো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

যদি বিধায়কসকলে ভুল কৰে, তেন্তে তাৰ বাবে ক্ষমা খুজিব লাগিব। প্ৰয়োজন হ'লে তেওঁলোকৰ সৈতে বহি আলোচনাৰ মাজেৰে পৰিস্থিতিৰ মোকামিলা কৰিব লাগিব বিধায়কসকলে। শুকুৰবাৰে মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ সকলো বিধায়ককে এই নিৰ্দেশ দিয়ে। মমতাই প্ৰতিটো বিধানসভা সমষ্টিত ৪ সদস্যযুক্ত এখন কমিটী গঠনৰ নিৰ্দেশ দিয়ে বিধায়কসকলক। এই সমিতিখনত এগৰাকী ছ'চিয়েল মিডিয়া সদস্য, এজনৰ বিধায়কৰ প্ৰতিনিধি আৰু বুথ ডেভ'লপমেন্ট মেনেজাৰ অন্তৰ্ভূক্ত কৰিব লাগিব।

মমতা বেনাৰ্জীৰ ৬ কৰ্প'ৰেট নিৰ্দেশ অনুসৰি বিধায়কসকলক সকিয়নী প্ৰদান কৰা হয় যাতে তেওঁলোকে কোনোধৰণৰ ভুল মন্তব্য বা প্ৰতিক্ৰিয়া ব্যক্ত নকৰে। যদি কোনো বিধায়কে ৰাজ্যৰ বাহিৰলৈ যাত্ৰা কৰিব বিচাৰে, তেন্তে তাৰ পূৰ্বে দলৰ নেতৃত্বক অৱগত কৰাৰো নিৰ্দেশ দিয়ে মমতা বেনাৰ্জীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in