মুখ্যমন্ত্ৰীয়ে ব্লক কৰিলে ৰাজ্যপালৰ টুইটাৰ একাউণ্ট…

মুখ্যমন্ত্ৰীয়ে ব্লক কৰিলে ৰাজ্যপালৰ টুইটাৰ একাউণ্ট…

ডিজিটেল ডেস্কঃ ৰাজনৈতিক সংঘাতে পূৰ্ণ ৰূপ লৈছে বেংগলত। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল জগদীপ ধনখৰৰ মাজৰ সংঘাত নতুন নহয়। কিন্তু শেহতীয়াকৈ এই সংঘাত চৰ্চাৰ বিষয় হৈ পৰিছে। এই সংঘাতৰ ফলতেই মমতা বেনাৰ্জীয়ে ৰাজ্যপাল জগদীপ ধনখৰক টুইটাৰত ব্লক কৰিছে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছে কেইবাটও গুৰুতৰ অভিযোগ। তেওঁ কয় যে, ৰাজ্যপালৰ টুইট বোৰে তেওঁৰ অশান্তিৰ সৃষ্টি কৰে। সেয়েহে ৰাজ্যপালৰ টুইটাৰ একাউণ্ট ব্লক কৰিছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অভিযোগ যে বংগৰ ৰাজ্যপাল জগদীপ ধনখৰে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক ভাবুকি দি আহিছে।

ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজত শেহতীয়াকৈ হোৱা সংঘাতৰ প্ৰভাৱ গণতন্ত্ৰ দিৱস উদযাপনত দেখা গৈছিল। মমতা বেনাৰ্জীয়ে সেই অনুষ্ঠানত ৰাজ্যপালগৰাকীক শুভেচ্ছা জনাইছিল যদিও তেওঁৰ দেহত ৰাজ্যাপলগৰাকীৰ প্ৰতি থকা বিৰাগ ভাৱ স্পষ্টকৈ প্ৰকাশ পাইছিল।

আনকি সেই অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে মমতা বেনাৰজীক উদ্দেশ্য কৰি কিবা এটা কোৱাৰ ইচ্ছা কৰিছিল যদিও সেই সময়ত মমতা বেনাৰ্জীয়ে ৰাজ্যপালৰ গৰাকীৰ বিপৰীত দিশলৈ মুখখন ঘূৰাই দিছিল। অনুষ্ঠানৰ অন্তত ফটো উঠাৰ সময়তো মমতা বেনাৰ্জীয়ে নিজকে ৰাজ্যপালগৰাকীৰ পৰা আঁতৰত ৰাখিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in