মালিগাঁৱত গৌতম কনষ্ট্ৰাকশ্যনৰ অতপালিত বিপন্ন জীৱন, কঠোৰ হওঁক মুখ্যমন্ত্ৰী…

মালিগাঁৱত গৌতম কনষ্ট্ৰাকশ্যনৰ অতপালিত বিপন্ন জীৱন, কঠোৰ হওঁক মুখ্যমন্ত্ৰী…

ডিজিটেল ডেস্কঃ মালিগাঁৱত জনজাতি গৌৰৱ দিৱস উদযাপনত ভাগ লোৱা যাত্ৰী কঢ়িয়াই নিয়া এখন বাছৰ প্ৰচণ্ড খুন্দাই প্ৰাণ কাঢ়ি নিলে জলপাইগুৰিত থকা বিএছএফৰ মুখ্য কাৰ্যালয়ৰ কৰ্মী গোবিন্দ প্ৰধান আৰু শিলচৰৰ শিৱু সিনহা নামৰ স্কুটী আৰোহী যুৱক দুজনৰ। আদাবাৰীৰ ওচৰৰ উৰণীয়া সেতুত এই দুৰ্ঘটনা সংঘটিত কৰে এএছ ০১কেচি ৫৬৩৮ নম্বৰৰ বাছখনে।

প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত স্কুটী আৰোহী দুয়োজনৰ থিতাতে মৃত্যু হয় আৰু ঘটনাৰ পাছতে পলায়ন কৰে বাছ চালক আৰু হেণ্ডিমেনে। ওপৰে ওপৰে চাবলৈ গ'লে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা এয়াও এক সাধাৰণ দুৰ্ঘটনা যেন লাগিলেও বহু দিন ধৰি মহানগৰীত যাত্ৰীবাহী বাছৰ খুন্দাত এনেদৰে স্কুটী বা বাইক আৰোহীৰ মৃত্যু হোৱা নাছিল।

যি সময়ত প্ৰশাসনে যাত্ৰীবাহী বাছৰ চালকক নিয়ন্ত্ৰণ কৰিবলৈ যোৱা সপ্তাহত যৌথ অভিযান চলাই বৃহৎ পৰিমানৰ জৰিমনা সংগ্ৰহ কৰাৰ সাফল্যও বিবৃতিযোগে প্ৰকাশ কৰিছে, সেই সময়তে সংঘটিত হোৱা এই মৰ্মান্তিক ঘটনাই মহানগৰীত যাত্ৰীবাহী বাছৰ চালক কিদৰে নিয়ন্ত্ৰণহীন অৱস্থালৈ গৈছে তাৰ ছবিখনো দাঙি ধৰিছে।

আচৰিত কথা এয়ে যে – ভৰলুমুখৰ পৰা জালুকবাৰীলৈ এই চাৰি কিলোমিটাৰ পথত মালিগাঁৱৰ ফ্লাই অভাৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ দিনৰে পৰা অবিৱৰণীয় যান-জঁটত পৰি অভূতপূৰ্ব হাৰাশাস্তি ভোগ কৰিব লগা হৈছে যান-বাহনৰ পৰা পথচাৰি, চাইকেল আৰোহী আৰু সাধাৰণ লোকসকল। দেওবাৰৰ ঘটনাটো মালিগাঁৱৰ ফ্লাই অভাৰৰ যান-জঁট পাৰ হৈ ফ্লাই অভাৰৰ পৰা কিছু অংশত পাতল যান-জঁটৰ সুবিধাত বাহনৰ গতিবেগ অধিক কৰাৰ ফলতেই যে সংঘটিত হৈছে সেয়া সহজেই অনুমেয়।

সেই বাবেই আজিৰ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে পাণ্ডু-মালিগাওঁ তিনিআলীৰ পৰা ভূতনাথলৈ এই অংশচোৱাত যোৱা ডেৰ বছৰে ফ্লাই অভাৰ নিৰ্মাণৰ নামত ৰাইজে জলা-কলা খোৱাৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে। ইয়াতকৈও ডাঙৰ ঘটনা যে নিৰ্মীয়মান ফ্লাই অভাৰৰ অঞ্চলটোত যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে সেই আশংকাও সকলোৱে ব্যক্ত কৰাৰ লগতে অতি লেহেমীয়া গতিৰে দীঘলীয়া এই ফ্লাই অভাৰখনৰ নিৰ্মাণৰ সৈতে জড়িত প্ৰতিষ্ঠানটোৰ অপৰিকল্পিত নিৰ্মাণ কাৰ্যক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

মালিগাঁও নিৰ্মীয়মান ফ্লাই অভাৰৰ ফলত ভীষণ যান-জঁট…

উল্লেখ কৰাৰ প্ৰয়োজন যে, ২.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই অত্যাধুনিক প্ৰযুক্তিৰ ফ্লাই অভাৰখন নিৰ্মাণ হৈ উঠিলে সেইখন হ'বগৈ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন এনে ফ্লাই অভাৰ যিখনত এশাৰী খুটাৰ ওপৰত চাৰিলেনযুক্ত পথ নিৰ্মাণ হ'ব। কলকাতাত নিৰ্মিত এনে ফ্লাই অভাৰ সকলোৰে বাবে আকৰ্ষণৰ থলী। কিন্তু অসমত তেনে এক ফ্লাই অভাৰ নিৰ্মাণ কৰিবলৈ লৈ অপৰিকল্পিতভাৱে আৰু অদক্ষ ঠিকাদাৰক ইয়াৰ দায়িত্ব প্ৰদান কৰি ৰাইজক অসহনীয় হাৰাশাস্তি ভোগ কৰোৱা হৈছে।

জানিব পৰা মতে, এশাৰী খুটাৰ ওপৰত ষ্টীল গাৰ্ডাৰেৰে নিৰ্মাণ হ'ব লগা এই ফ্লাই অভাৰখনৰ নিৰ্মাণৰ ক্ষেত্ৰত যদি ৪২০ কোটি টকীয়া ঠিকা লাভ কৰা গৌতম কনষ্ট্ৰাকশ্যন আৰু অনুপম নিৰ্মাণে পাইলিঙৰ বাবে কেইখনমান হাইড্ৰ'লিক ৰীগ ব্যৱহাৰ কৰাৰ বাহিৰে ক্ষীপ্ৰতাৰে ৰূপায়ন হ'বলগীয়া কামটোৰ ক্ষেত্ৰত অত্যাধুনিক কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তাতোকৈ ডাঙৰ কথা এই যে- তীব্ৰ যান-জঁটৰ পৰা যাত্ৰীবাহী যান-বাহনক সকাহ দিবৰ বাবে এডোখৰ এডোখৰ ঠাইত পাইলিঙৰ কাম সম্পূৰ্ণ কৰাৰ সুযোগ আছিল যদিও তাকে নকৰি সমগ্ৰ পথচোৱাৰ দুয়োকাষে টিঙৰ বেৰা দি ৩০-৪০জন মাত্ৰ শ্ৰমিকৰ জৰিয়তে সাধাৰণ দলং নিৰ্মাণৰ দৰে কাম কৰি থকাত ১০ মিনিটৰ এই পথচোৱাত এতিয়া যান-বাহন তথা ৰাইজক ডেৰ ঘন্টাৰ প্ৰয়োজন হয়।

মুখ্যমন্ত্ৰী তথা গড়কাপ্তানী বিভাগৰ দায়িত্বত থকা ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ছুপাৰমাৰ্কেট-দিছপুৰ সংযোগী কংক্ৰিট গাৰ্ডাৰৰ ফ্লাই অভাৰখন নিৰ্ধাৰিত সময়ৰ আধা সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰি আতকধুনীয়াকৈ সজাই তোলাৰ বাবে সকলোৱে প্ৰশংসা কৰিছে। আনহাতে নিৰ্মানৰ সময়চোৱাত এচোৱা এচোৱাকৈ কাম কৰি লেতেৰা অংশ পৰিষ্কাৰ কৰি নিয়াৰ বাবেই যান-জঁটৰ সমস্যাৰ পৰা সকলোৱে সকাহ পোৱাৰ বিষয়টো চৰকাৰ-ঠিকাদাৰৰ এক বিশেষ সফলতা বুলি চৰ্চিত হৈছিল, একেখিনি মানুহেই এতিয়া মালিগাঁৱৰ ফ্লাই অভাৰৰ নিৰ্মাণ কাৰ্যত অকথ্য যন্ত্ৰণা ভোগ কৰি গালি পাৰিবলৈ আৰম্ভ কৰাই নহয়, যিকোনো সময়ত ইয়াত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাও ঘণীভূত হৈ উঠিছে।

আচৰিত কথা যে দিনত ৩০-৪০ জন কৰ্মচাৰীয়ে কাম কৰাৰ বাহিৰে ৰাতিৰ ভাগত অতি ক্ষীপ্ৰতাৰে কাম কৰি উলিয়াব লগা এই ঠেক বাটটোত নিশাৰ ভাগত নিৰ্মাণ কাৰ্য চলা পৰিলক্ষিত নহয়। অথচ মহানগৰীত এনে নিৰ্মাণ কাৰ্য ক্ষীপ্ৰতাৰে ওৰে নিশা চলাটোৱেই বাধ্যতামূলক। কিন্তু কিয় কাৰ সাহসত ৪১০ কোটি টকীয়া অত্যাধুনিক উৰণীয়া সেতুখন পুৰণিকলীয়া নিৰ্মাণ পদ্ধতিৰে এনেদৰে অতি লেহেমীয়া গতিত নিৰ্মাণ কৰি থকা  হৈছে সেই ৰহস্য কোনেও ভেদ কৰিব পৰা নাই।

গড়কাপ্তানী বিভাগৰ দ্বাৰা উক্ত উৰণীয়া সেতুৰ নিৰ্মানৰ বাবে প্ৰতিষ্ঠানটোক দিয়া সময়ৰ ম্যাদ আছিল ৩ বছৰ। কিন্তু ২০২০চনৰ মাৰ্চ মাহতেই আৰম্ভ কৰা এই নিৰ্মান কাৰ্য বৰ্তমানলৈকে ১৫ শতাংশতকৈও কম আগবঢ়াত এইখন সম্পূৰ্ণ হ'বলৈ যে প্ৰায় ৫ বছৰৰ প্ৰয়োজন হ'ব সেয়া ইতিমধ্যে স্পষ্ট হৈছে। অথচ অতি ঠেক বাটচোৱাত ছিংগল লাইন পাইলৰ ওপৰত ষ্টীল গাৰ্ডাৰেৰে উপৰি ভাগ নিৰ্মান কৰাৰ উদ্দেশ্যটোৱেই আছিল যাতে ঠেক বাটটোত ব্ৰীজ তলেৰেও বিনা বাধাই যান-বাহন সমূহ চলাচল কৰিব পাৰে। আৰু এনে এক অত্যাধুনিক উৰণীয়া সেতু নিৰ্মাণৰ বাবে যে সেই ধৰণৰ অত্যাধুনিক সা-সজুলি আৰু যান-জঁট চম্ভালাৰ বাবে নিৰ্দিষ্ট পৰিকল্পনা থাকিব লাগিছিল সেয়া অতি স্পষ্ট।

সেয়েহে এতিয়া সকলোৱে মুখ্যমন্ত্ৰীৰ তৎপৰতালৈ আগ্ৰহৰে বাট চাইছে। প্ৰণিধানযোগ্য যে, গেমন ইণ্ডিয়াই শৰাইঘাটৰ দলং নিৰ্মাণ কৰা কাৰ্য সময়তকৈ বহু দিন দীঘলীয়া কৰাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে প্ৰতিষ্ঠানটোৰ জৰিমনা বিহিব লগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছিল। ইয়াৰ বিপৰীতে স্বয়ং মুখ্যমন্ত্ৰীৰ নিজা সমষ্টি সামৰি লোৱা আৰু কামাখ্যা মন্দিৰ, উত্তৰ-পূব ৰেলৱেৰ সদৰ কাৰ্যালয়, পাণ্ডু জাহাজ বন্দৰ, তিনি চাৰিখনকৈ চিকিৎসালয় থকা গুৰুত্বপূৰ্ণ এই অঞ্চলটো ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ গাফিলতি কিয় অতিকৈ সক্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে আওকাণ কৰি চলিছে সেয়াও বিচাৰ্যৰ বিষয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in