দেশৰ প্ৰতিৰক্ষা সমিতিত সদস্যভূক্ত মালেগাঁও বিস্ফোৰণৰ অভিযুক্ত প্ৰজ্ঞা ঠাকুৰ, কংগ্ৰেছে ক’লে- এয়া সেনাৰ অপমান

দেশৰ প্ৰতিৰক্ষা সমিতিত সদস্যভূক্ত মালেগাঁও বিস্ফোৰণৰ অভিযুক্ত প্ৰজ্ঞা ঠাকুৰ, কংগ্ৰেছে ক’লে- এয়া সেনাৰ অপমান

ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত গঠিত প্ৰতিৰক্ষা বিষয়ক ২১ জনীয়া সংসদীয় পৰামৰ্শদাতা সমিতিত বিজেপিৰ সাংসদ প্ৰজ্ঞা ঠাকুৰক সদস্যভূক্ত কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ২০০৮ চনৰ মালেগাঁও বিস্ফোৰণ কাণ্ডৰ অভিযুক্ত প্ৰজ্ঞা সিং ঠাকুৰ বৰ্তমান জামিনত কাৰাগাৰৰ বাহিৰত আছে। স্বাস্থ্যজনিত কাৰণত জামিন লাভ কৰা প্ৰজ্ঞা সিং ঠাকুৰ এতিয়াও আদালতত নিৰ্দোষী সাব্যস্ত হোৱা নাই। তেনে পৰিস্থিতিত বিজেপি সাংসদগৰাকীক প্ৰতিৰক্ষা বিষয়ক সংসদীয় পৰামৰ্শদাতা সমিতিৰ সদস্যভূক্ত কৰাটো 'দেশৰ সেনাৰ অপমান' বুলি মন্তব্য কৰিছে কংগ্ৰেছে।

বৃহস্পতিবাৰে টুইটযোগে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰি লিখিছে- 'সন্ত্ৰাসবাদী গোচৰৰ অভিযুক্ত আৰু গান্ধীৰ হত্যাকাৰী নাথুৰাম গোডচেৰ অনুগামী ঠাকুৰক বিজেপি চৰকাৰে প্ৰতিৰক্ষা বিষয়ক সংসদীয় সমিতিত অন্তৰ্ভূক্ত কৰিছে। এই কাৰ্যই আমাৰ দেশৰ সেনা, আমাৰ দেশৰ প্ৰতিষ্ঠিত সাংসদ আৰু সমগ্ৰ ভাৰতবাসীক অপমানিত কৰিছে।'

উল্লেখ্য যে, ভূপাল সংসদীয় সমষ্টিৰ পৰা প্ৰথমবাৰলৈ সাংসদ হিচাপে জয়লাভ কৰা প্ৰজ্ঞা সিং ঠাকুৰে বিগত কিছু মাহৰ ভিতৰতে কেইবাটাও বিতৰ্কৰ মাজত সোমাই পৰিছিল। জুলাই মাহত তেওঁ বিজেপি কৰ্মকৰ্তাসকলক উদ্দেশ্যি মন্তব্য কৰিছিল যে তেওঁ নলা-নৰ্দমা পৰিস্কাৰ কৰিবলৈ নিৰ্বাচিত হোৱা নাই। প্ৰজ্ঞা ঠাকুৰৰ এই মন্তব্যই দেশজুৰি চৰ্চা লাভ কৰিছিল। সাংসদ হিচাপে এনে মন্তব্য গ্ৰহণযোগ্য নহয় বুলি ঠাকুৰক সমালোচনাৰে থকাসৰকা কৰিছিল বিৰোধী তথা আন পক্ষই। ইফালে নিৰ্বাচনী প্ৰচাৰৰ সময়ত গান্ধীৰ হত্যাকাৰী নাথুৰাম গোডচেক তেওঁ দেশভক্ত আখ্যা দিয়া কাৰ্যই সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

আনহাতে ৩১ অক্টোবৰত প্ৰকাশিত অধিসূচনা অনুসৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত গঠন হোৱা প্ৰতিৰক্ষা বিষয়ক সংসদীয় সমিতিত জম্মু-কাশ্মীৰত নজৰবন্দী হৈ থকা নেশ্যনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লাৰ নামো সদস্যভূক্ত কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in