প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ চলিহৰ

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ চলিহৰ

ডিজিটেল ডেস্কঃ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ হায়দৰাবাদ হাউছত সাক্ষাৎ কৰে মালদ্বীপৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ চলিহক। দুয়োজন নেতাই মিলিত হৈ আলোচনা কৰে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়। দেওবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়হি মালদ্বীপৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিজন। ১৭ নৱেম্বৰত ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিবলৈ আহিছে তেওঁ।

উল্লেখ্য যে, বহুকেইটা কাৰ্যসূচী হাতত লৈ ভাৰতলৈ অহা ৰাষ্ট্ৰপতিজনে আজি ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, উপ ৰাষ্ট্ৰপতি ভেনকায়া নাইডো আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজকেো সাক্ষাৎ কৰিব।

চলিহৰ ৰাষ্ট্ৰপতি হিচাবে তেওঁৰ শপত গ্ৰহণৰ অনুষ্ঠানত উপস্থিত আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীক তেওঁ সেই সময়ত ব্যক্ত কৰিছিল দেশখনৰ দুৰ্বল অৰ্থনৈতিক অৱস্থাৰ কথা। ইয়াৰ লগতে মালদ্বীপৰ জনসাধাৰণৰ আশা আকাংক্ষাসমূহ সম্পূৰ্ণ কৰিব পৰাকৈ ভাৰতৰ সৈতে বন্ধুত্ব ৰক্ষা কৰি কেনেদৰে দেশখনে ভাৰতৰ পৰা সঁহাৰি পাব সেই সম্পৰ্কেও আলোচনা কৰিছিল। তাৰপিছতেই এনেদৰে তেওঁ ভাৰত ভ্ৰমণ কৰিবলৈ আহে দেওবাৰে। উল্লেখ্য যে, মঙলবাৰে ভাৰতৰ পৰা মালদ্বীপলৈ ঘূৰি যাব তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in