ভাৰতত হ্ৰাস পাইছে মেলেৰিয়াত আক্ৰান্ত ৰোগীৰ সংখ্যা – বিশ্ব স্বাস্থ্য সংস্থা

ভাৰতত হ্ৰাস পাইছে মেলেৰিয়াত আক্ৰান্ত ৰোগীৰ সংখ্যা – বিশ্ব স্বাস্থ্য সংস্থা

ডিজিটেল ডেস্ক : ভাৰতে মেলেৰিয়া নিৰ্মূলৰ বাবে মহান নিৰ্দৰ্শন দেখুৱাইছে বুলি ব্যক্ত কৰে বিশ্ব স্বাস্থ্য সংস্থাই । দক্ষিণ-পূৱ এছিয়াত মেলেৰিয়াত আক্ৰান্ত লোক হৈছিল ২০০০ চনত আছিল ২ কোটি, কিন্ত বিগত বৰ্ষত ৫৬ নিযুত হ্ৰাস পায়। বিশ্ব মেলেৰিয়া প্ৰতিবেদন ২০২০ অনুসৰি, ২০১৯ চনত বিশ্বব্যাপী ২২.৯ নিযুত মেলেৰিয়া ৰোগী আক্ৰান্ত হৈছে ।

বিগত চাৰি বছৰত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় অপৰিৱৰ্তিত হৈ আছে। প্ৰতিবেদনখন সোমবাৰে প্ৰকাশ কৰা হয় । বিগত বৰ্ষত ৪০৯,০০০ লোকৰ মৃত্যু হয় মেলেৰিয়াত আনহাতে ২০১৮ চনত ৪১১,০০০ লোকৰ মৃত্যু হয় ।

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকে এক প্ৰতিবেদনৰ জৰিয়তে কয় যে- দক্ষিণ-পূৱ এছিয়াৰ দেশবোৰে মেলেৰিয়া নিয়ন্ত্ৰনৰ ক্ষেত্ৰত ভাল পদক্ষেপ গ্ৰহণ কৰিছে । ভাৰতত মেলেৰিয়াত আক্ৰান্ত লোকৰ সংখ্যা সকলোতকৈ অধিক হ্ৰাস পাইছে । য'ত আক্ৰান্তৰ সংখ্যা ২ কোটিৰ পৰা হ্ৰাস পাই ৬০ লাখ হয় । তেওঁ লগতে কয় ২০০০ চনত ২.৩ কোটি লোক আক্ৰান্ত হৈছিল আৰু ২০১৯ত ৬৩ লাখ আক্ৰান্ত হয় । ভাৰতত মেলেৰিয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in