মাকুমত পানীত পৰি সন্ধানহীন এজন লোক…

মাকুমত পানীত পৰি সন্ধানহীন এজন লোক…

ডিজিটেল সংবাদ, মাকুমঃ মাকুম খেৰবাৰীত টিংৰাই নদীৰ ওপৰেৰে কলৰ ভূৰেৰে নদী পাৰ হওতেই সংঘটিত হ'ল অঘটন। জানিব পৰা মতে মাকুম টেঙাপানী ৰ'ডৰ নিবাসী তথা ঠিকাদাৰ অনন্ত মৰাণ আৰু টেঙাপানী গাঁও পঞ্চায়তৰ কনিষ্ঠ অভিযন্তা পল্লৱী ভৰালীয়ে মাকুম খেৰবাৰীত নিৰ্মাণ হৈ থকা প্ৰধানমন্ত্ৰী আৱাস যোগনাৰ গৃহ নিৰ্মাণ পৰিদৰ্শন কৰিবলৈ কলৰ ভূৰেৰে নদী পাৰ হওতেই কনিষ্ঠ অভিযন্তাসহ পানীত পৰে অনন্ত মৰাণ।

স্থানীয় ৰাইজৰ তৎপৰতাত অভিযন্তা পল্লৱী ভৰালীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানেও সন্ধানহীন হৈ আছে ঠিকাদাৰ অনন্ত মৰাণ। সন্ধানহীন হৈ থকা অনন্ত মৰাণৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এনডিআৰএফ বাহিনীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in