নগাঁও চহৰত মাখনা হাতীৰ চফৰ…

নগাঁও চহৰত মাখনা হাতীৰ চফৰ…

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰত বনৰীয়া হাতীৰ চফৰ ৷ নগাঁও চহৰত পুৱাতে এটি মাখনা হাতীৰ বিচৰনক লৈ আতংকৰ সৃষ্টি হয় ৷ চহৰখনৰ হয়বৰগাঁৱত পুৱাতে চি চি কেমেৰাত ধৰা পৰে বনৰীয়া হাতীটো ৷

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ওচৰত ৰাজপথত পুৱা ৪-৪৫ বজাত হাতীটোয়ে চফৰ কৰাৰ পিছত মৰিকলং হৈ মাহৰোলৰ ফালে গমন কৰে ৷ বৰ্তমান মহৰোলৰ এখন বিলত অৱস্হান কৰি আছে মাখনাটোয়ে ৷

বন বিভাগৰ মতে লাওখোৱা বুঢ়াচাপৰিৰ পৰা হাতীটো ওলাই অহা বুলি সন্দেহ কৰা হৈছে ৷ বানৰ বাবে অভয়াৰন্যৰ পৰা ওলাই আহে হাতীটো ৷ ধিঙ হৈ ওলাই অহা হাতীটো নিশা জাজৰী,বেবেজীয়া হৈ নগাঁও চহৰত প্ৰবেশ কৰে ৷

নগাঁও চহৰৰ মাজেৰে মৰিকলঙ হৈ মাহৰোললৈ যায় ৷ হাতী ওলোৱাৰ বাতৰি ৰাষ্ট্ৰ হোৱাত বন বিভাগ আৰু আৰক্ষী দলে অভিযান আৰম্ভ কৰিছে ৷ বিলত আশ্ৰয় লৈ থকা হাতীটো বৰ্তমান বন আৰু আৰক্ষীৰ লোকে নজৰত ৰাখিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in