মকৰ সংক্ৰান্তিকলৈ বিভ্ৰান্তি : বৰদোমাহীত বৰপেটা, বটদ্ৰৱাত নাম-কীৰ্তনেৰে ভেলাঘৰ দাহ কৰি অগণন ভক্তৰ প্ৰাৰ্থনা…

মকৰ সংক্ৰান্তিকলৈ বিভ্ৰান্তি : বৰদোমাহীত বৰপেটা, বটদ্ৰৱাত নাম-কীৰ্তনেৰে ভেলাঘৰ দাহ কৰি অগণন ভক্তৰ প্ৰাৰ্থনা…

ডিজিটেল ডেস্কঃ সত্ৰীয়া পৰম্পৰা অনুসৰি বটদ্ৰৱা আদি সত্ৰত শনিবাৰে জ্বলোৱা হ'ল মাঘৰ বিহুৰ মেজি। একেদৰে বৰপেটা সত্ৰতো বৰদোমাহী অৰ্থাৎ আজি মেজি জ্বলোৱাৰ উপৰিও অগ্নি প্ৰণামকে ধৰি নাম কীৰ্তিন কৰা হয়। উল্লেখযোগ্য যে, লক্ষণীয়ভাৱে পূৰ্বে অসমৰ মাঘ বিহুৰ দিনাই সমগ্ৰ দেশত মকৰ সংক্ৰান্তিৰ পূন্যস্নান, সূৰ্য প্ৰণান আৰু পূজা-অৰ্চনা কৰা হয় যদিও এইবাৰ বিভিন্ন স্থানত এদিন অগাপিছাকৈ অনুষ্ঠিত হৈছে এই উৎসৱ।

দেশৰ বহু স্থানত প্ৰাতঃস্নানৰ লগতে অগ্নিপূজা, সূৰ্য প্ৰণাম আদি হোৱাৰ লগতে অসমত কালি মাঘবিহু তথা মকৰ সংক্ৰান্তিৰ মেজি দাহ অগ্নিপ্ৰণাম, প্ৰাৰ্থনা আদি আজি সম্পন্ন হয়। অৱশ্যে বিশেষ বিশেষ সত্ৰত মাঘবিহুৰ পিছ দিনা অৰ্থাৎ বৰদোমাহীৰ দিনাহে মেজি দাহ নামকীৰ্তিন আদিৰ ব্যৱস্থাৰ পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে। সেই মতে আজি, নিচেই পুৱাতে বৰপেটা সত্ৰ চৌহদত ভেলাঘৰ অগণন ভক্তৰ সমাবেশত নাম-কীৰ্তন হৰিধ্বনিৰ মাজেৰে দাহ কৰা হয়।

ইয়াত উপস্থিত থাকে সত্ৰৰ সত্ৰাধিকাৰ পণ্ডিত বশিষ্ঠ দেৱশৰ্মাও। একেদৰে বটদ্ৰৱা আদি সত্ৰতো পুুৱা আকাশী গংগাস্নান কৰি সত্ৰাধিকাৰ প্ৰমুখ্যে অগণন ভক্তই সমেবেত হৈ ভেলাঘৰ দাহ কৰাৰ লগতে অগ্নি প্ৰণাম আৰু নাম-কীৰ্তন কৰে। উল্লেখ কৰাৰ প্ৰয়োজন যে, বটদ্ৰৱাৰ নিৰ্মিয়মাণ মূল কীৰ্তন ঘৰৰ মণিকূটৰ গুৰু আসনো বৰদোমাহীৰ এই পবিত্ৰ ক্ষণত স্থাপন কৰা হ'ব।

সেই উপলক্ষে পুৱাৰে পৰা বটদ্ৰৱা স্থানত পুৱাৰে পৰা উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজ্যৰ অন্য প্ৰান্তৰ সত্ৰ-নামঘৰ সমূহতো বৰদোমাহী অৰ্থাৎ মকৰ সংক্ৰান্তিৰ কাৰ্যসূচী সম্পন্ন কৰা হয়। নগাঁও জিলাৰ ঐতিহ্য মণ্ডিত নৰোৱা বালিসত্ৰত সত্ৰত পৰম্পৰাগত ভাবে মাঘ বিহু উদযাপন কৰা হয় । জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ উত্তৰে অৱস্থিত বালিসত্ৰত গুৰুজনাই দেখাই থৈ যোৱা আৰ্হিৰে সত্ৰৰ ৰাইজে ভেলাঘৰ প্ৰস্তুত কৰে।

উৰুকাৰ নিশা সত্ৰখনৰ গায়ন বায়নে ভেলাঘৰত সমবেত হৈ সম্পূৰ্ণ সত্ৰীয়া নীতি নিয়মৰ মাজেৰে মাজেৰে খোল প্ৰসংগ কৰি প্ৰসংগৰ অন্তত সমূহীয়া নাম প্ৰসংগ কৰে। মাঘৰ বিহুৰ দিনা এই ভেলা ঘৰত সত্ৰখনৰ সমূহ ভকত বৈষ্ণৱ, আই মাতৃ, যুৱক, যুৱতী সমবেত হৈ থিয় দিহা নাম গাই বছৰটোলৈ সমূহ ৰাইজৰ মংগল কামনাৰে সমূহীয়া আশীৰ্বাদ দিয়া নান্দনিক দৃশ্যই সকলোকে আপ্লুত কৰি তোলে । থিয় দিহা নামৰ অন্তত এই ভেলাঘৰ দাহন কৰা হয় আৰু পিছত ভেলাঘৰৰ পৰা বাট নাম গাই সত্ৰৰ মূল কীৰ্ত্তন ঘৰত নাম প্ৰসংগৰে এই মাঘ বিহুৰ নাম কীৰ্ত্তন সামৰণি মাৰি আহিছে। বালিসত্ৰত এই মাঘ বিহুৰ আনন্দ উল্লাসৰ মাজতে এক আধ্যাত্মিক পৰিবেশ বিৰাজ কৰা দেখিবলৈ পোৱা যায়।

ইফালে অসমৰ বাহিৰৰ বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, ৰাজস্থান, পশ্চিমবংগ, দিল্লী আৰু অসমৰো কিছু কিছু স্থানত মকৰ সংক্ৰান্তিৰ স্নান, ব্ৰত আৰু পূজা অৰ্চনা কৰা হৈছে। বিভিন্নজনে প্ৰকৃত মকৰ সংক্ৰান্তি আজিহে বুলিও মন্তব্য কৰিছে। সেয়ে অতি স্বাভাৱিকভাৱে এইবাৰৰ মাঘবিহুত মকৰসংক্ৰান্তিৰ মেজি দাহৰ কাৰ্যসূচী এদিন আগতীয়া হ'ল নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in