বিৰ্তকৰ মাজতেই মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বভাৰ গ্ৰহণ ড০ ডম্বৰুধৰ নাথৰ…

বিৰ্তকৰ মাজতেই মাজুলী  সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বভাৰ গ্ৰহণ ড০ ডম্বৰুধৰ নাথৰ…


ডিজিটেল সংবাদ, মাজুলীঃ যৌন সম্পৰ্কীয় বিষয়ত সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত বিতৰ্কিত উপাচাৰ্য ড০ ডম্বৰুধৰ নাথে সোমবাৰে মাজুলীত উপস্থিত হ'লহি । উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত অৱস্থাত তেওঁৰ নিজৰ বুৰঞ্জী বিভাগৰ এগৰাকী শিক্ষাৰ্থীক প্ৰেমৰ প্ৰস্তাৱ দিয়া ঘটনাই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে ।

ভূক্তভোগী শিক্ষাৰ্থীগৰাকীয়ে তোলা অভিযোগৰ ভিত্তিত সমগ্ৰ ৰাজ্য এতিয়া উত্তপ্ত হৈ থকাৰ সময়তে তাৎপৰ্যপূৰ্ণভাৱে নৱনিযুক্ত উপাচাৰ্যগৰাকীয়ে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে যোগদান কৰাৰ উদ্দেশ্যে সোমবাৰৰ ৰাতিপুৱা দহ বজাত কমলাবাৰী ঘাটত উপস্থিত হোৱাৰ লগে লগে গায়ন বায়ন,বিভিন্ন সাংস্কৃতিক দলে ঢোলে ঢগৰে আদৰণি জনাই মাজুলীলৈ শোভাযাত্ৰা কৰি লৈ আনে ।

ইয়াৰ পিছত কমলাবাৰী চাৰিআলিত মাজুলী মহকুমা ছাত্ৰ সন্থা,কোঁচ ৰাজবংশী ছাত্ৰ ছাত্ৰ সন্থা,মহিলা সমিতি আদি বিভিন্ন দল সংগঠনে ফুলাম গামোচাৰে আদৰণি জনায় । শোভাযাত্ৰাকাৰী দলটোৱে কমলাবাৰী চাৰিআলিৰ পৰা পোনে পোনে মাজুলী মহাবিদ্যালয়লৈ গৈ মাজুলী মহকুমা ছাত্ৰ সন্থাৰ শ্বহীদ বেদীত শ্বহীদ তৰ্পন অনুষ্ঠানত অংশগ্ৰহণ কৰে ড০ ডম্বৰুধৰ নাথে ।

বিয়লি ভাগলৈ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড' নাথ আৰু মাজুলী জিলা প্ৰশাসনৰ মাজত এক আলোচনা মিলিত হোৱাৰ কথা আছে বুলি মাজুলী জিলাৰ ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়াই জানিবলৈ দিছে । ইয়াৰ লগে লগে ৰাজ্য খনৰ প্ৰথমখন আৰু মাজুলীবাসীৰ বহু প্ৰত্যাক্ষিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ গুৰু দায়িত্ব গ্ৰহণ কৰি বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক আৰু শৈক্ষিক কাম কাজ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in