শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

মাজুলীত মহাপুৰুষ শংকৰদেৱৰ ৫৭৩ তম জন্ম জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি…

ডিজিটেল সংবাদ,মাজুলীঃ মহাপুৰুষ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম জন্ম জয়ন্তী মাজুলীত উদযাপনৰ ব্যাপক প্ৰস্তুতি দেখা গৈছে । মাজুলীৰ ৩৫ খন সত্ৰৰ লগতে তিনি শতাধিক নামঘৰ,আৰু ১৫ খনকৈ অধিক ৰাজহুৱা স্থানত শংকৰদেৱৰ জন্ম জয়ন্তী উলহ-মালহেৰে উদযাপনৰ বাবে সকলো সাজু হৈছে সমগ্ৰ মাজুলীবাসী।  সত্ৰ সমূহতো নাম প্ৰসংগ গায়ন বায়ন  নৃত্য ভাওনা আদি পৰিবৱেশনৰ কৰা হ’ব।

আনহাতে ,মাজুলীৰ ঠায়ে ঠায়ে  আলোচনা চক্ৰ মুকলি সভা আৰু বৰগীত দিহানাম প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। মাজুলীত দুৰ্গা পুজা উদযাপন নহয়, সেয়েহে প্ৰতিখন সত্ৰ,প্ৰতিটো নামঘৰে নামঘৰে গুৰু জয়ন্তী আয়োজন কৰিছে। মাজুলী মেখেলিগাৱ,ৰাৱনাপাৰ,বেজগাৱ,কমলাবাৰী, ফুলনি,কুহিয়াবাৰী,আদি অঞ্চল সমূহত আঞ্চলিক ভিত্তিত আয়োজন কৰা হৈছে শংকৰ দেবৰ জন্ম জয়ন্তী। দুপৰ নিশালৈকে  ভাওনা বৰগীত দিহানাম আদিৰ আখৰাত ব্যস্ত হৈ পৰিছে সকলো। কোভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত বৰ্ষত উদযাপন কৰা ন’হল  গুৰু জনাৰ জন্ম জয়ন্তী।  সেয়ে  এইবাৰ কিছু শিথিল হোৱাত দুগুণ উৎসাহেৰে প্ৰস্তুতি কৰিছে মাজুলীবাসীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি