মাজুলীত সহোদয় বণাৰ্ঢ্য কাৰ্যসূচী…

মাজুলীত সহোদয় বণাৰ্ঢ্য কাৰ্যসূচী…

ডিজিটেল সংবাদ,মাজুলীঃ ইংৰাজী ২১ আৰু ২২ ফেব্ৰুৱাৰী ২০২১ তাৰিখে মাজুলীত সহোদয় -২০২১ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ঈয়াৰ প্ৰধান উদেশ্য হল অসমৰ বিভিন্ন জাতি জনজাতি খিলঞ্জীয়া অসমীয়া, জনগোষ্ঠী তথা সাংস্কৃতিক সত্তা সমূহৰ বাৰেৰহনীয়া ৰূপক এই অনুষ্ঠানৰ মাজেদি ঐক্যবদ্ধ ভাৱে প্ৰকাশ কৰা আৰু বিনন্দীয়া অসমৰ নান্দনিক সাৱলীল অভিব্যক্তি ৰ জৰিয়তে সমন্বয় আৰু ভাতৃত্ববোধক সকলোৱে মিলি স্বচক্ষে সমাদৰ কৰা।

এই অনুষ্ঠানত ৪৬ টাৰো অধিক জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব। ১০০ খুলীয়াই অংশগ্ৰহণ কৰিব । অসমৰ আগশাৰীৰ শিল্পী জিতুল সোনোবাল কৃষ্ণমনি চুতীয়া ,সীমান্ত শেখৰ, যতীন বৰা ,দেৱজিৎ ছাহা, বিদ্যাসাগৰ, আশা বৰদলৈ ববিতা শৰ্মা , আদি শিল্পী য়ে অংশগ্ৰহণ কৰিব। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে , বিত্ত স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , কেইবাজনো সাংসদ , স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সকল উপস্থিত থাকিব।

মাজুলীৰ বাহিৰত থকা মাজুলীৰ বিশিষ্ট প্ৰতিষ্ঠিত ব্যক্তি সকলক বাৰ্তালাপ অনুষ্ঠান অনুষ্ঠিত হৱ। দুই দিন বণ্যাঢ়্য সাংস্কৃতিক সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৱ। যোৱা পাছ বছৰৰ উন্নয়ন ৰ তথ্য চিত্ৰ উন্মোচন কৰিব অনুষ্ঠানত। এখন পৰ্দশনী থলী অনুষ্ঠিত হৱ ,জনগোষ্ঠীৰ লগতে ,শিল্পী ইলা কাকতিৰ নামত পৰ্দশনী ব্যৱস্থা থাকিব। অনন্য সুন্দৰ সাংস্কৃতিক অনুষ্ঠান লাভ কৰিব মাজুলীবাসীয়ে। সদস্য সচিব, ৰাজ্যিক ছাত্র আৰু যুৱ কল্যান উপদেষ্ঠা সমিতিৰ লক্ষ্য কোৱৰে সাংবাদিক মেলত জানিবলৈ দিয়ে। শিল্পী সকল একত্ৰিত সহোদয়ৰ জড়িয়তে, পাহাৰ ভৈয়ামৰ, জাতি জনগোষ্ঠীৰ শিল্পী মিলন হৱ বুলি উল্লেখ কৰে যতীন বৰাই।

লগতে সীমান্ত শেখৰে মাজুলীৰ দৰে ঐতিহ্য পূৰ্ন স্থানত অনুষ্ঠান পাতি ধণ্য হৈছো বুলি উল্লেখ কৰি মাজুলীবাসীয়ে সহযোগিতা দেখি আনন্দিত হৈছে। সকলো জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিব। জাতিৰ নামত ভাগ ভাগ হোৱা তো আতৰাই সহোদয়ৰ জৰিয়তে একেলগ হৈ বৃহত্তম অসমৰ অসমীয়া বুলি পৰিচয় দিব লাগে। আশা বৰদলৈ য়ে উল্লেখ কৰে যে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ লৈ সমন্বয়ৰ তীৰ্থ স্থানলৈ পৰ্যবেশিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in