আৰম্ভ হ’ল ৰাসলীলাৰ নাটমেলা পৰ্বঃ দ্বিতীয় গকুল বৃন্দাবনলৈ পৰ্যবেক্ষিত হ’ব মাজুলী…

আৰম্ভ হ’ল ৰাসলীলাৰ নাটমেলা পৰ্বঃ দ্বিতীয় গকুল বৃন্দাবনলৈ পৰ্যবেক্ষিত হ’ব মাজুলী…

ডিজিটেল সংবাদ মাজুলীঃ মাজুলীত আৰম্ভ হ'ল ৰাসলীলাৰ নাটমেলা পৰ্ব। এমাহলৈ লুইতৰ পাৰৰ গকুল বৃন্দাবনলৈ পৰ্যবেশিত হ'ব মাজুলী ।মাজুলীৰ বাবে শৰৎ বুলিলেই যেন ৰাস-পালনাম । তাতে বুধবাৰে লক্ষ্মী পূজা, কাতি মাহৰ পূৰ্ণিমা তিথি। সমগ্ৰ মাজুলীৰ সমূহ সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত লক্ষ্মী পূজাৰ এই পৱিত্ৰ ক্ষণতে পৰম্পৰাগত ভাৱে পৰৱৰ্তী ৰাসপূৰ্ণিমা তিথিত অনুষ্ঠিত হ'ব লগা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা 'নাট মেলা পৰ্ব' মাংগলীক বিধি অনুসৰি অনুষ্ঠিত কৰা হ'য়।

শাৰদীয় মুখ্য উৎসৱ হিচাপে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰে মাজুলীত । আজিৰ পৰা অনাগত এমাহৰ বাবে সমগ্ৰ মাজুলী পৰ্যৱশীত হ'ব লুইতৰ পাৰৰ বৃন্দাবনলৈ । গীত-মাতে, খোলে-তালে চলি থাকিব কৃষ্ণলীলা মহাৰাসৰ আখৰা ।শৰতৰ চন্দ্ৰাৱলী ৰাতি হ'ব অতি বিতোপন। বাহীঁৰ মাত শুনি ঘৰৰ কাম বন একাষৰীয়া কৰি সকলো ঢপলিয়াই আহিব ৰাসৰ আখৰালৈ । দুপৰ নিশালৈকে চলিব আখৰা ।

মাজুলী গড়মূৰ সত্ৰৰ বংশীগোপাল প্ৰেক্ষাগৃহতো নাট মেলা পৰ্ব আৰম্ভ হৈছে। এশবছৰ বছৰৰ পূৰ্বে স্বাধীনতা সংগ্ৰামী সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে মুকলি মঞ্চ নিৰ্মাণ কৰি মহিলাই অভিনয় কৰিব পৰা ব্যৱস্থা কৰিছিল আৰু আৰ্দশ আগত ৰাখি অৰ্ধশতাধিক মঞ্চ ৰাস উদযাপান কৰে ।ব্যস্ততা বাঢ়িব ৰাসৰ লগত জড়িত প্ৰতিগৰাকী শিল্পীৰ পৰা মুখা শিল্পীলৈ, আয়োজকৰ পৰা ৰাসমেলাৰ খুচুৰা ব্যৱসায়ীলৈ।

ব্যস্ততাৰ শেষত ১৮, ১৯ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাসোৎসৱ ।২৬ শতাধিক শিল্পী কলা কুশলীৰ লগতে পৰোক্ষ পত্যক্ষভাৱে মাজুলীৰ ৰাইজ ব্যস্ত হ'ব ৰাসত । ঐতিহাসিক আউনীআটী দক্ষিনপাট, চামগুৰি সত্ৰই ৰাস পূজা কৰাৰ লগতে উত্তৰ কমলাবাৰী সত্ৰই শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপালৰ আধাৰত ৰাস উদযাপন কৰিব । উত্তৰ কমলাবাৰী সত্ৰই মাজুলীলৈ অহা সকলো ভক্ত দৰ্শনাৰ্থীৰ বাবে থকা খোৱাৰো সু ব্যৱস্থা কৰি আহিছে। অসম চৰকাৰৰ কোভিডৰ নিয়ম কঠোৰ নহ'লে উদূলি-মুদূলি হৈ পৰিব মাজুলী। আনন্দ উৎসৱেৰে লোকাৰণ্য হৈ পৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in