মুখ্যমন্ত্ৰী গৃহ সমষ্টি মাজুলীত পঞ্চায়ত নিৰ্বাচনৰ কি ছবি?

মুখ্যমন্ত্ৰী গৃহ সমষ্টি মাজুলীত পঞ্চায়ত নিৰ্বাচনৰ কি ছবি?

ডিজিটেল সংবাদ, মাজুলীঃ মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। মাজুলীত এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু গণ শক্তিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতাত নামিছে কংগ্ৰেছৰ প্ৰাৰ্থী। অৱশ্যে নিষ্প্ৰভ হৈ পৰা দেখা গৈছে এসময়ত অগপৰ প্ৰভাৱ থকা এই সমষ্টিটোত। জেংৰাই জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা আছিল যদিও, বিজেপিৰ মাজত বিভাজনৰ ফলত বিসম্বাদী বিজেপিয়ে নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰোৱাত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে বিজেপিৰ সমুখত তীব্ৰ প্ৰত্যাহ্বান হৈ দেখা দিয়াৰ সম্ভাৱনা আছে।

ইফালে, চেৰপাই আৰু ৰতনপুৰ মিৰি জিলা পৰিষদত গণ শক্তি বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনাই প্ৰবল। চিৰলুইত জিলা পৰিষদতো বিজেপি-কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰত্যাহ্বান হ'ব। গণ শক্তিৰে মিত্ৰতাৰ ফলত মাজুলীত বিজেপি লাভৱান হোৱাৰ বিপৰীতে অগপৰ প্ৰাৰ্থীৰ প্ৰভাৱ ভোটাৰৰ মাজত পৰিলক্ষিত হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in