পিতৃ-মাতৃক হেৰুৱাই কণমানি নিখিলৰ হাহাঁকাৰ অৱস্থাঃ চৰকাৰক সহায়ৰ আহ্বান…

পিতৃ-মাতৃক  হেৰুৱাই  কণমানি নিখিলৰ  হাহাঁকাৰ অৱস্থাঃ চৰকাৰক  সহায়ৰ  আহ্বান…

ডিজিটেল সংবাদ, মাজুলীঃ দ্বীপ জিলা মাজুলীৰ নামনি মাজুলীৰ চিলাকলা গাঁও পঞ্চায়তৰ পাৱনা কাকৰিকটা গাঁৱৰ এজন ঘাট- মাউৰা কণমানিৰ কাহিনী জানি সকলোৰে চকু সেমেকি উঠিছে । নিখিল চৰকাৰ নামৰ তেৰ বছৰীয়া মৰমলগা কণমানিটো আজিৰ পৰা ঘাট মাউৰা হৈ পৰিল ‌। পূৰ্বে মাতৃৰ মৃত্যু হোৱাত পিতৃৰ লগত ওমলি- জামলি কটাইছিল কণমানি নিখিলে । কিন্তু, কালি পুৱা ৬.৩০ বজাত পিতৃ সুকুমাৰ চৰকাৰে কণমানি নিখিলক এৰি থৈ পৰলোকলৈ গমন কৰিলে । সম্পূৰ্ণ এটা পৰিয়াল নিয়তিৰ হুকুমত থানবান হৈ পৰিল ।

পিতৃ মাতৃৰ অবিহনে পাবনা গাঁৱৰ ঘৰটোত অকলশৰীয়া হৈ পৰিল পঞ্চম শ্ৰেণীত পঢ়ি থকা নিখিল । আজি পুৱাতে পিতৃৰ চিতাত মুখাগ্নী কৰি ঘূৰি আহি কান্দি কান্দি অকলে বহি পৰিল কণমানি নিখিল । সান্তনা দিবলৈ যেন কাৰো ভাষা নাই । বৰদেউতাক হীৰেন চৰকাৰে নিখিলক সাবটি হুকহুকাই কান্দি উঠিল আৰু কণমানিটোক নিজৰ ঘৰলৈ লৈ আহিছে । কণমানি নিখিলৰ মাতৃ ভানু চৰকাৰ ২০১৭ চনত প্ৰসৱজনীত কাৰনত মৃত্যু হৈছিল ।

গড়মূৰ চিকিৎসালয়ত প্ৰসূতিৰ সুবিধা নথকাত বিপদসংকুল ভাবে যোৰহাটলৈ পাৰ কৰিছিল কিন্তু কৰুণ ভাৱে মৃত্যু হোৱা ভানু চৰকাৰে । সন্তান প্ৰসৱৰ সময়তে গৰ্ভস্থ সন্তান সহ অকাল মৃত্যুক সাবটি লৈছিল ভানুৱে । পত্নী ভানু চৰকাৰৰ মৃত্যুৰ এবছৰৰ পাছতে কিডনী ৰোগত আক্ৰান্ত হ'ল সুকুমাৰ চৰকাৰ। মাজুলী, তেজপুৰ, ডিব্ৰুগড় ,যোৰহাট, গুৱাহাটী আদিৰ বিভিন্ন চিকিৎসালয়ত দীৰ্ঘ দিন চিকিৎসা কৰিও কোনো সুফল নাপালে সুকুমাৰে ।

চিকিৎসাৰ নামত ঘৰৰ সকলো সা – সম্পত্তি বিক্ৰী কৰিলে, কিন্তু অলপো আৰোগ্য নহ'ল সুকুমাৰৰ । কিডনি বিকল হৈ কালি পুৱা একমাত্ৰ পুত্ৰ নিখিলক এৰি থৈ পৰলোকলৈ গমন কৰিলে সুকুমাৰে । মাতৃৰ মৃত্যুৰ পাছত দেউতাক সুকুমাৰৰ বুকুৰ মাজত সোমাই থকা কণমানি নিখিল কালিৰ পৰা নিথৰুৱা হৈ পৰিল । পিতৃ মাতৃ দুয়োকে হেৰুৱাই কালিৰ পৰা নিখিল হৈ পৰিল ঘাট – মাউৰা । কালি দেউতাকৰ শ্মসানৰ পৰা ঘুৰি আহি কেৱল মৌন হৈ পৰা নিখিলক স্থানীয় ৰাইজে সান্তনা দিবলৈ ভাষা বিচাৰি পোৱা নাই । সকলোৱে মাথোন কণমানিটোক সাবটি ধৰি কান্দিছে ।

সুকুমাৰৰ জীৱনটো আৰম্ভ হওতেই অদৃষ্টজনে যেন সকলো কাঢ়ি লৈ গ'ল । সন্মুখত কেৱল অন্ধকাৰ দেখি থকা ঘাট -মাউৰা কণমানি নিখিল চৰকাৰৰ ভৱিষ্যত সন্দৰ্ভত সমগ্ৰ পাবনা কাকৰিকটা গাঁওবাসী উদ্বিগ্ন হৈ পৰিছে । আপোনা বুলিবলৈ এগৰাকী ৭০ বছৰীয়া বৃদ্বা দুৰাৰোগ্য ৰোগত আক্ৰান্ত আইতাক আছে। এখন টক্টত অতি কৰুশ ভাৱে শৰশৰ্যাত পৰি থকাৰ দৰে আছে পৰি। নিখিলৰ বৰদেউতাক হীৰেন চৰকাৰৰ আৰ্থিক অৱস্থা অতি শোচনীয় । তেওঁ নিজৰ পৰিয়ালটোকে পো – পাল দিব নোৱাৰে । এতিয়া মাজুলীৰ জিলা প্ৰশাসন, আৰু সমাজ কল্যান বিভাগ,চৰকাৰী পক্ষৰ প্ৰতি স্থানীয় ৰাইজৰ এটাই অনুৰোধ নিখিলক জীৱনটো আগুৱাই নিবলৈ সহায় কৰক ।

জনকল্যাণকামী চৰকাৰে যেন নিখিল চৰকাৰৰ অন্ন ,বস্ত্ৰ, বাসস্থানৰ ব্যৱস্থা কৰি কণমানিটোক জীয়াই থকাৰ সুবিধা কৰি দিয়ে । ৰাজ্যৰ মানৱদৰদী, হৃদয়বান ব্যক্তি সকলোকো নিখিলক সহায় কৰিবলৈ স্থানীয় ৰাইজে অনুৰোধ জনাইছে । ঘাট মাউৰা নিখিলক সহায় কৰিবৰ বাবে বৰদেউতাক হীৰেন চৰকাৰৰ ফোন নম্বৰ ৮৮২২৫ ৭৫৮১০ নম্বৰত যোগাযোগ কৰিবলৈ সকলোৱে প্ৰতি স্থানীয় ৰাইজে অনুৰোধ জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in