মাজুলীৰ উদাসীন সত্ৰ সমূহত উড়ালৰ গুমগুমনি, ভোগালীক আদৰাৰ প্ৰস্তুতি…

মাজুলীৰ উদাসীন সত্ৰ সমূহত উড়ালৰ গুমগুমনি, ভোগালীক আদৰাৰ প্ৰস্তুতি…

ডিজিটেল সংবাদ, মাজুলীঃ বছেৰেকীয়া শ্ৰমদানেৰে উপাৰ্জিত ধানমুঠি আঘোন-পুহ মাহত দাই-কাটি ঘৰৰ ভঁৰালত সোমায়। ভোগালী বিহু অতি পুৰনি , জীৱন শক্তিৰ বৰ্ধক আৰু পবিত্ৰ। গুৰু দুজনাৰ সমন্বয় অসমত অসমীয়াই উলহ মালহেৰে পৰম্পৰাগত ভাবে পালন কৰি আহিছে বিহু। উদাসীন সত্ৰ সমূহতো বৈষ্ণৱ সকলে পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি সত্ৰৰ প্ৰতিষ্ঠাৰে পৰা পালন কৰি আহিছে ভোগালী বিহু।

ঐক্য সম্প্ৰীতিৰ এনাজৰী গঢ়ি অসূয়া অপ্ৰীতি বিনাশ কৰক মেজিৰে জুয়ে। সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে আধ্যাত্মিক আৰু ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা ভোগালী বিহুৰ প্ৰস্তূতি মাজুলীৰ ৬ খন উদাসীন সত্ৰত। মাজুলীত ঐতিহাসিক আউনীআটী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, নতুন কমলাবাৰী সত্ৰ, মধ্য কমলাবাৰী , ভোগপুৰ সত্ৰ, দক্ষিনপাট আদি ৬ খন সত্ৰত প্ৰায় ৮ শতাধিক বৈষ্ণৱ আছে।

উৰুকাৰ নিশা গাৱে ভূঞে ভেলাঘৰ সাজি ভোজ ভাত খোৱাৰ সকলোৱে প্ৰস্তুতি চলোৱাৰ বিপৰীতে মাজুলীৰ উদাসীন বৈষ্ণৱ সকলে নিদিষ্ট এক গণ্ডিৰ মাজত ধৰ্মীয় পৰম্পৰা ৰীতি নীতিৰে বিহু পালন কৰে। গৃহস্থী পৰিয়ালৰ দৰেই ঢ়েকীৰ পৰিৱৰ্তে উড়ালত চিৰা পিঠা খুণ্ডি অতিথি আপ্যায়ন কৰিবলৈ ব্যাপক আয়োজন কৰিছে। ভোগৰ সামগ্ৰী সাজু কৰিছে বৈষ্ণৱ সকলে।

উত্তৰ কমলাবাৰী সত্ৰ নতুন কমলাবাৰী সত্ৰ ভোগপুৰ সত্ৰৰ বৈষ্ণৱ সকলে কালিৰে পৰা আৰম্ভ কৰিছে উড়ালত চিৰা খুণ্ডা কাম। চকোৱা ,তৰাৱলী ,আমপাখী,জহা মালভোগ ধানৰ চিৰা উকৃষ্ট আৰু সুস্বাধু। সেয়েহে তিয়াই তিনি ৰাতি ৰাখি ৪/৫ জন বৈষ্ণৱ একত্ৰিত হৈ চিৰা খুণ্ডিছে উড়ালত। সত্ৰৰ পৰম্পৰা অনুসৰি ঢ়েকীৰ পৰিৱৰ্তে উৰাল ব্যৱহাৰ হয়।

এই চিৰা খুণ্ডা কাৰ্যসূচীত সত্ৰৰ বয়োজ্যেষ্ঠ বৈষ্ণৱ সকলেও যুৱ বৈষ্ণৱ সকলক সহযোগ কৰে। উত্তৰ কমলাবাৰী সত্ৰৰ সংগীত নাটক একাডেমী বটা প্ৰাপ্তক গোপীৰাম বুঢ়াভকতে ৯৭ বছৰতো উৰাল মাৰি চিৰা খুণ্ডিছে। বুঢ়াভকতে এই বয়সতো চিৰা খুণ্ডা কাৰ্য দেখি উৎসাহিত হৈছে যুৱ বৈষ্ণৱ সকল। বুঢ়াভকত অকল চিৰায়েই নহয় বৰাধানৰ পৰা চাউল উলিয়াই পিঠাগুৰি খুন্দা, মুড়ি ভজা,কোমল ধান বঢ়াই ৰদাই কোমল চাউল তৈয়াৰ কৰা ,বিবিধ ধৰনৰ পিঠা বনোৱা আদি কামবোৰ এগৰাকী পাকৈত গৃহিনীৰ দৰে নিজে নিজে কৰে বৈষ্ণৱ সকলে।

সত্ৰৰ চাৰিহাতিতেই বৈষ্ণৱ সকলে গোপালন কৰে।ভোগালীৰ কাৰণে নিজৰ প্ৰয়োজনীয় দৈ গাখীৰ বহাতে মলা, টেকেলি,নদিয়া ,কলহ আদিত আদিত ৰাখি তৈয়াৰ কৰে। সত্ৰৰ বৈষ্ণৱ সকলে বিশেষ বিহু প্ৰস্তুতি বাহিৰৰ আলহীৰ আপ্যায়নত গুৰুত্ব প্ৰদান কৰে। সত্ৰৰ সেৱক, শিষ্য প্ৰশিষ্য সকল বিহুত সত্ৰলৈ যায় আৰু তেওলোকক আপ্যায়ন কৰে। মেজি সাজি ডেকা বৈষ্ণৱ সকলে পৰম্পৰা ৰক্ষা কৰি মেজি জুই দিয়াৰ লগতে । বিহুত নাম প্ৰসংগ, গায়ন বায়ন,বহাসেৱা নামসেৱা সত্ৰাধিকাৰ অধ্যাপক সকলক সেৱা, বয়োজেষ্ট জনক সেৱা আদি কাৰ্যসুচী ৰূপায়ন কৰিব। সত্ৰ প্ৰতিষ্ঠা কালৰে পৰা নিভাঁজ ভাৱে চলি আহিছে ৫ শ বছৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in